NORTHEAST NOW (Assamese)
অসম

সীমান্তৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ অসম আৰক্ষীৰ চাউনি পৰিভ্ৰমণ বিৰোধী দলপতিসহ প্ৰশাসনিক দলৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক December 19, 2020 6:15 pm
Screenshot_2020-12-19-17-44-35_1

যোৰহাট জিলাৰ মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ অসম আৰক্ষীৰ চাউনি আজি বিৰোধী দলপতিৰ সৈতে এটা প্ৰশাসনিক দলে পৰিদৰ্শন কৰে৷

বিগত বছৰৰ শেষৰ ভাগৰ পৰা মৰিয়নীৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলত নগাই আগ্ৰাসন কৰাৰ বুজ ল’বলৈ বুলি আজি শনিবাৰে মৰিয়নীৰ দিছৈভেলী বনাঞ্চলত উপস্থিত হয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া।

অসমৰ ভূমিত নগাই পকী দলং নিৰ্মাণ কৰা, নগা আৰক্ষীৰ শিৱিৰ নিৰ্মাণ কৰাক লৈ ইতিমধ্যে মৰিয়নীত উত্তেজনাপূৰ্ণ পৰিৱেশ বৰ্তমানেও বিৰাজমান।

শেহতীয়াকৈ বিৰোধী দলপতি গৰাকী অসম নাগালেণ্ডৰ সীমান্ত অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জাতীয় দল সংগঠনসমূহসহ সীমান্তবাসী ৰাইজৰ লগত এক আলোচনাত মিলিত হয়।

আলোচনাত সকলোৱেই অসম নাগালেণ্ডৰ সীমা সমস্যাক বিধান সভাৰ মজিয়াত শক্তিশালী ৰূপত ডাঙি ধৰি ইয়াৰ এক স্থায়ী সমাধান উলিয়াবৰ বাবে দলপতি গৰাকীক আহ্বান জনায়।

বিৰোধী দলপতি গৰাকীৰ লগত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰ মহকুমাৰ মহকুমাধিপতি, তিতাবৰ মহকুমা আৰক্ষী বিষয়া, মৰিয়নীৰ ৰাজহ চক্ৰ বিষয়া, মৰিয়নীৰ আঞ্চলিক বন বিষয়াৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।