বাহিনী নদীৰ চাফাই কাম পৰিদৰ্শন কৰি অভিযন্তাক নিলম্বন কৰিলে মন্ত্ৰী অশোক সিংঘালে
কৃত্ৰিম বানে প্ৰত্যেক বছৰে বিধ্বস্ত কৰা গুৱাহাটীৰ দুখন নৈ ক্ৰমে বাহিনী আৰু ভৰলুৰ চাফাই কাম কৰিছে অসম চৰকাৰে। কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে বাৰিষাৰ পূৰ্বেই নদী দুখন পৰিস্কাৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।
মঙলবাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে বাহিনী নদী পৰিস্কাৰৰ কাম পৰিদৰ্শন কৰে।
কাম পৰিদৰ্শন কৰিবলৈ আহি মন্ত্ৰী অশোক সিংঘালে কয়, ‘বাৰিষা ওচৰ চাপি অহাৰ লগে লগে আমি নিশ্চিত কৰিছোঁ যে প্ৰতি বছৰে গুৱাহাটীয়ে সন্মুখীন হোৱা কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিবলৈ আমি সাজু হৈছোঁ।
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘ আজি জি এম চি আৰু এইচ এণ্ড ইউ এ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সমগ্ৰ মহানগৰীত চলি থকা বিভিন্ন কাম–কাজ পৰিদৰ্শন কৰিলোঁ।”
কাম–কাজসমূহ পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰী সিংঘালে কামৰ লেহেমীয়া গতিত হতাশা প্ৰকাশ কৰে।
তদুপৰি এজন অভিযন্তাকো কৰ্তব্যত অৱহেলা কৰাৰ বাবে তাৎক্ষণিকভাবে নিলম্বন কৰে সিংঘালে।
উল্লেখ্য যে গুৱাহাটী চহৰৰ মাজেৰে বৈ যোৱা নদী দুখনৰ পৰিস্কাৰৰ কাম “মিছন বানপানী মুক্ত গুৱাহাটী” আঁচনিখনৰ অধীনত কৰি থকা হৈছে।
মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ জোনালী, চিৰিয়াখানা, লক্ষ্মীনগৰ, নয়নপুৰ, জাপোৰিগোগ, হেঙাৰাবাৰী, ৰুক্মিণীগাঁও, পিবকো পইণ্ট, আদিত বাহিনী নদীৰ কাষৰ বেদখল কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে।