NORTHEAST NOW (Assamese)

কৰ্ণেল কুৰেশ্বীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা অধ্যাপকক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

May 20, 2025 7:07 pm · এন ই নাও নিউজ, গুৱাহাটী

অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মেহমুদাবাদক অপাৰেচন সিন্দুৰ আৰু কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া হাৰিয়ানাৰ সোণপটৰ নিম্ন আদালতে তেওঁক ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে। মঙলবাৰে শুনানিৰ সময়ত হাৰিয়ানা আৰক্ষীয়ে ৭ দিনৰ ৰিমাণ্ডৰ বাবে আবেদন জনাইছিল। কিন্তু ন্যায়াধীশে ১৪ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

যোৱা ২২ এপ্ৰিলত হোৱা পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ ৯ টা স্থানত আক্ৰমণ কৰি সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু ধ্বংস কৰে। এই ঘটনাৰ পাছতে দুগৰাকী মহিলা সেনা বিষয়াই সাংবাদিকৰ মুখামুখি হৈ সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য দেশবাসীক প্ৰদান কৰে। এগৰাকী কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু দ্বিতীয়গৰাকী উইং কমাণ্ডাৰ ব্যোমিকা সিং।

এই ঘটনাৰ পাছত অধ্যাপক আলী খান মেহমুদাবাদে ছচিয়েল মিডিয়াত অপাৰেচন সিন্দুৰ আৰু ছফিয়া কুৰেশ্বীক লৈ আপত্তিজনক মন্তব্য কৰে। এক্স হেণ্ডেলত তেওঁ লিখিছে, “অপাৰেচন সিন্দুৰ আৰু ছফিয়া কুৰেশ্বীক আগস্থানলৈ অনাৰ কাণ্ডটো এটা শক্তিৰ প্ৰদৰ্শন। মই সুখী যে সংবাদ মাধ্যমৰ লোকে কৰ্ণেল ছফিয়া কুৰেশ্বীক প্ৰশংসা কৰিছে। তেন্তে মব লিঞ্চিং, বুলডজাৰ আৰু সংখ্যালঘুৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ ঘটনাক লৈ একেদৰেই প্ৰতিবাদ কৰিবনে?”

ঘটনাৰ পাছতে হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগে আলী খান মেহমুদাবাদলৈ জাননী প্ৰেৰণ কৰে। এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মেহমুদাবাদক। তাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এইবাৰ আদালতে সেই গোচৰত তেওঁক জেলত ৰখাৰ নিৰ্দেশ দিয়ে।

Related News