NORTHEAST NOW (Assamese)

আঘাতৰ বাবে বাহিৰ হ’ল অক্ষৰ, বিশ্বকাপৰ চূড়ান্ত দলত সোমাল অশ্বিন

September 29, 2023 8:27 am · এন ই নাও নিউজ, নতুন দিল্লী

বিশ্বকাপৰ পূৰ্বে অক্ষৰ পেটেল আৰু আঘাতৰ পৰা সুস্থ হৈ উঠিব নোৱাৰিব। সেয়ে শেষ মুহূৰ্তত ৰবিচন্দ্ৰন অশ্বিনে বিশ্বকাপৰ ১৫ জনীয়া চূড়ান্ত দলত স্থান লাভ কৰিলে।

এছিয়া কাপৰ দলত অশ্বিন নাছিল। কিন্তু অক্ষৰ আছিল। সেই প্ৰতিযোগিতাত বাংলাদেশৰ বিৰুদ্ধে খেলখনত আঘাতপ্ৰাপ্ত হৈছিল অক্ষৰ। যাৰ পৰা তেওঁ এতিয়াও সুস্থ হৈ উঠা নাই।

ইপিনে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত অশ্বিনক সুযোগ দিয়া হৈছিল। ডেৰ বছৰতকৈ অধিক সময়ৰ অন্তত এদিনীয়ালৈ ঘূৰি অহা অশ্বিনে দুখন মেচত ৪টা উইকেট দখল কৰে।

লগতে পঢ়কঃ World Heart Day 2023: কম বয়সতে হাৰ্ট এটেকৰ আঁৰত এটা ডাঙৰ ৰোগ! কি কয় চিকিৎসকে?

এতিয়া তেওঁ আহিল বিশ্বকাপৰ দললৈ। দলটোত আছে জাদেজা আৰু কুলদীপৰ দৰে বাওঁহতীয়া দুজন স্পিনাৰ। সোঁহতীয়া স্পিনাৰ অশ্বিনৰ সংযোজনে দলটোত বৈচিত্ৰ্যতা আনিব।

ইয়াৰ পূৰ্বে অশ্বিনে ২০১১ আৰু ২০১৫ চনৰ বিশ্বকাপত খেলিছিল। এয়া তেওঁৰ তৃতীয়টো বিশ্বকাপ হ’বলৈ গৈ আছে। এক বিবৃতিত আইচিচিয়ে কয়, ‘অক্ষৰ পেটেলৰ ঠাইত ভাৰতে চূড়ান্ত দলত অশ্বিনক স্থান দিছে। বাংলাদেশৰ খেলখনত আঘাতপ্ৰাপ্ত হয় অক্ষৰ। তেওঁ বিশ্বকাপৰ পূৰ্বে সুস্থা হৈ নুঠিব।

উল্লেখ্য় যে বৃহস্পতিবাৰে আছিল চূড়ান্ত দল ঘোষণা কৰাৰ শেষ দিন। একেবাৰে শেষ মুহূৰ্তত ভাৰতে দলটোত এই পৰিৱৰ্তন ঘটালে।

লগতে পঢ়কঃ অৱশেষত বিজ্ঞানীসকলে বিচাৰি পালে হেৰাই যোৱা সেই অষ্টম ‘মহাদেশ’ৰ সন্ধান!

১৫ জনীয়া ভাৰতীয় দলটো হ’ল- ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহ অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, লোকেশ ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ ছামী, ৰবিচন্দ্ৰন অশ্বিন, ঈশান কিষাণ, সূৰ্য্যকুমাৰ যাদৱ।

Related News