NORTHEAST NOW (Assamese)
Popular Stories

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ: ১৬০০ তকৈও অধিক লোকে প্ৰাণ হেৰুৱালে এছিয়াত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 11, 2025 10:30 am

শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰৰ উষ্ণতা বৃদ্ধি পোৱাৰ বাবে বৰষুণৰ ধুমুহাসমূহ অধিক শক্তিশালী হৈ পৰিছে। ইয়াৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত এছিয়াৰ কেইবাখনো দেশত ১৬০০ তকৈও অধিক লোকৰ মৃত্যু হয়। এই অধ্যয়নত বিশেষকৈ মালয়েছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, আৰু শ্ৰীলংকাৰ দৰে দেশত আঘাত হনা চেনিয়াৰ আৰু ডিটৱাহ নামৰ দুটা ডাঙৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছিল।

অধ্যয়নটোত দেখা গৈছে যে উত্তৰ ভাৰত মহাসাগৰৰ পৃষ্ঠৰ পানী সাধাৰণ উষ্ণতাতকৈ অধিক উষ্ণ আছিল, যিটো বিগত ৩০ বছৰৰ গড় উষ্ণতাতকৈ প্ৰায় ০.২ ডিগ্ৰী চেলছিয়াছ বেছি। বিজ্ঞানীসকলে অনুমান কৰিছে যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ নহ‘লে সাগৰখন প্ৰায় ১ ডিগ্ৰী চেলছিয়াছ শীতল হ’লহেঁতেন। এই অত্যাধিক গৰমে ধুমুহাবোৰক অধিক শক্তি প্ৰদান কৰিছিল, যাৰ ফলত প্ৰচণ্ড বৰষুণ হৈছিল। শ্ৰীলংকাৰ দৰে দেশৰ জনসাধাৰণে জনাইছে যে সাধাৰণ বৰষুণতকৈ ই বহু বেছি ভয়ংকৰ আছিল আৰু ইয়াৰ প্ৰভাৱ দেশৰ প্ৰতিটো প্ৰান্তত পৰিছিল।

বিজ্ঞানীসকলে উল্লেখ কৰিছে যে উষ্ণ বতাহে অধিক আৰ্দ্ৰতা ধৰি ৰাখিব পাৰে, যাৰ ফলত ধুমুহাৰ সময়ত অধিক প্ৰচণ্ড বৰষুণ পৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ইতিমধ্যে ১৮০০ চনৰ পৰা পৃথিৱীৰ উষ্ণতা প্ৰায় ১.৩ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে, আৰু সাম্প্ৰতিক ঘটনাৱলীয়ে সেই উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ স্পষ্ট কৰি তুলিছে।

উল্লেখ্য যে এই অধ্যয়নটো পৰিচালনা কৰা গোটটো হৈছে ৱৰ্ল্ড ৱেদাৰ এট্ৰিবিউচন (World Weather Attribution – WWA)তেওঁলোকে প্ৰায়ে কোনো এটা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ পিছত জলবায়ু পৰিৱৰ্তনে ইয়াক কিমান দূৰলৈ প্ৰভাৱিত কৰিছে, সেই বিষয়ে বৈজ্ঞানিকভাৱে পৰীক্ষা কৰে। তেওঁলোকৰ মূল উদ্দেশ্য হৈছে এই দুৰ্যোগবোৰৰ অন্তৰালৰ কাৰণসমূহ আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়ে ইয়াত কেনে ভূমিকা পালন কৰে, সেই বিষয়ে সৰ্বসাধাৰণক অৱগত কৰা।

বিশেষজ্ঞসকলে এইটোও উল্লেখ কৰিছে যে দ্ৰুত নগৰীকৰণ, জনবহুল চহৰ, আৰু বানপানীৰ প্ৰৱণ অঞ্চলত ঘৰ নিৰ্মাণৰ দৰে মানৱীয় কাৰকসমূহে এই দেশসমূহত ক্ষতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। আটাইতকৈ দৰিদ্ৰ আৰু দুৰ্বল লোকসকলহে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় আৰু এনে দুৰ্যোগৰ পিছত সুস্থ হ’বলৈ তেওঁলোকৰ আটাইতকৈ বেছি সময় লাগে।

জলবায়ু পৰিৱৰ্তনৰ ফলত এছিয়াত বানপানী, ঘূৰ্ণীবতাহ (যেনে আমফান), আৰু ভূমিস্খলনৰ দৰে পৰিঘটনাবোৰ অধিক তীব্ৰতৰ হৈছে। বিশেষজ্ঞসকলে গোলকীয় উষ্ণতা বৃদ্ধিয়ে এই মাৰাত্মক বতৰৰ পৰিঘটনাবোৰ আৰু ভয়াবহ কৰি তুলিছে বুলি সকীয়াই দিছে আৰু অধিক ক্ষতি ৰোধ কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।