NORTHEAST NOW (Assamese)

ক’ৰ’নাতংকৰ বাবে এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা বাতিল! : সৌৰভ গাংগুলীৰ ঘোষণা

July 9, 2020 11:16 am · এন ই নাও নিউজ

ক’ৰ’নাতংকৰ বাবে চলিত বৰ্ষৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা বাতিল কৰা হৈছে।

বুধবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে জনালে এই কথা।

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ইনষ্টাগ্ৰাম লাইভত কয়, “ছেপ্তম্বৰত এছিয়া কাপ হোৱাৰ কথা আছিল। এই প্ৰতিযোগিতা বাতিল কৰা হৈছে।”

উল্লেখ্য যে, ৬ দেশীয় এছিয়া কাপৰ এইবাৰ প্ৰতিযোগিতাখন পাকিস্তানত হোৱাৰ কথা আছিল।

কিন্তু ভাৰতৰ আপত্তিৰ বাবে প্ৰতিযোগিতাখন সংযুক্ত আৰৱ আমিৰশ্বাহীৰলৈ স্তানান্তৰণ কৰা হ’ব বুলিও খবৰ উলাইছিল।

ইফালে ক’ৰ’নাতংকৰ বাবে অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিতব্য অষ্ট্ৰেলিয়া টি-২০ বিশ্বকাপো অনিশ্চিত হৈ পৰিছে।

যদি অষ্ট্ৰেলিয়া টি-২০ বিশ্বকাপ অনুষ্ঠিত নহয় তেনে উক্ত সময়ছোৱাতে বিচিচিএআইএ চলিত বৰ্ষৰ আইপিএল আয়োজনৰ বাবে চিন্তা চৰ্চা কৰাৰ খবৰৰো এক সূত্ৰত প্ৰকাশ পাইছে।

বিচিচিআইএ অধ্যক্ষ সৌৰভ গাংগুলীয়ে এছিয়া কাপ প্ৰতিযোগিতা বাতিল কৰাৰ কথা ঘোষণা কৰিলেও পাকিস্তান ক্ৰিকে বোৰ্ডে এই সম্পৰ্কে আনুষ্ঠানিক ঘোষণা কৰা নাই।

Related News