NORTHEAST NOW (Assamese)
অসম

ছয়বাৰৰ চেম্পিয়ন মেৰীকমলৈ এছিয়াৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2019 8:40 am
Capture

মালেয়েছিয়াৰ ছানৱে পিৰামিড হোটেলত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত মঙলবাৰে ছয়বাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন এম চি মেৰীকমক এছিয়াৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানত ইতিহাস সৃষ্টিকাৰী বক্সাৰ গৰাকী উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱাই।

ইফালে এছিয়াৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে দক্ষিণ কোৰিয়া ফুটবল দলৰ সদস্য ছন হিউং মিনে।

ইয়াৰ উপৰি ২০২২ ফুটবল বিশ্বকাপৰ আয়োজক দেশ কাটাৰৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৱে শ্ৰেষ্ঠ পুৰষ দল আৰু জাপানৰ মহিলা ফুটবল দলটোৱে শ্ৰেষ্ঠ মহিলা দলৰ পুৰস্কাৰ লাভ কৰে।

মালেয়েছিয়াৰ ছেলেং প্ৰদেশত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰেছ সন্থাৰ (এ আই পি এছ) অধীনষ্ঠ এছিয়া মণ্ডলৰ ২২ সংখ্যক তিনিদিনীয়া কংগ্ৰেছৰ মঙলবাৰে সামৰণি পৰে।

এছিয়াৰ ৩০খন দেশে অংশ লোৱা কংগ্ৰেছৰ অন্তিম দিনটোতে এই বঁটা সমূহ প্ৰদান কৰা হয়।