NORTHEAST NOW (Assamese)

সাংবাদিকৰ স্বাধীনতা সুৰক্ষাৰ দাবীত বোকাখাতত সাংবাদিকৰ সত্যাগ্ৰহ

August 14, 2020 1:00 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

ইণ্ডিয়ান জাৰ্নেলিষ্ট য়ুনিয়নৰ আহ্বানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাৰা বােকাখাত মহকুমা সাংবাদিক সংস্থা, বােকাখাত প্রেছ ক্লাব আৰু ইমজাৰ সহযােগত সাংবাদিকৰ স্বাধীনতা ৰক্ষা দাবীত আজি বোকাখাতত এঘন্টা জোৰা সত্যাগ্রহ কাৰ্যসূচী পালন কৰা হয়৷

বোকাখাত নগৰৰ নাট্যমন্দিৰ প্ৰাংগনত এই সত্যাগ্ৰহ অনুষ্ঠিত হয়৷

উল্লেখ্য যে সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষতো সাংবাদিকৰ বাক স্বাধীনতাক খর্ব কৰিবলৈ চেষ্টা কৰা হৈছে।

ৰাষ্ট্র সন্ত্রাস আৰু বেচৰকাৰী সন্ত্রাসৰ বলি হৈ ১৯৯২ চনৰ পৰা বৰ্তমানলৈকে ৫১ জন সাংবাদিকে দুস্কৃতিকাৰীৰ হাতত প্রাণ বিসর্জন দিব লগা হৈছে। অসমতো এতিয়ালৈকে ২৫ জনতকৈ অধিক সাংবাদিকে নিজৰ দায়িত্ব পালন কৰিবলৈ গৈ প্রাণ বিসর্জন দিব লগা হৈছে।

দেশখনৰ বহু সাংবাদিক নির্যাতনৰ বলি হ’ব লগা হৈছে। অদ্য পৰিমিত সাংবাদিক হত্যাৰ লগত জড়িত দোষী ব্যক্তিয়ে শাস্তি পােৱা নাই। মৃতকৰ পৰিয়ালেও উপযুক্ত ক্ষতিপূৰণ লাভ কৰা নাই।

দেশৰ বিভিন্ন প্রান্তত সাংবাদিকৰ ওপৰত নিগ্রহ, নির্যাতন, হত্যা চলি আছে। সাংবাদিকৰ স্বাধীনতাৰ ক্ষেত্রতাে প্রতিবন্ধকতা সৃষ্টি কৰা হৈছে।

ইণ্ডিয়ান জার্নেলিষ্ট য়ুনিয়নৰ আহ্বানত আজি বোকাখাততো সাংবাদিকৰ স্বাধীনতা সুৰক্ষাৰ দাবীত এঘন্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰাৰ লগতে বোকাখাতৰ মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়৷

আজিৰ সত্যাগ্ৰহ কাৰ্যসূচীত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এছ’চিয়েচনৰ দীপজ্যোতি হাজৰিকা, কাজিৰঙা আঞ্চলিক সন্থাৰ সভাপতি স্বপন নাথ, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, নীলপদ্ম শৰ্মাৰ লগতে বোকাখাতৰ সমূহ সাংবাদিকে অংশগ্ৰহণ কৰে।

Related News