NORTHEAST NOW (Assamese)

কাজিৰঙা ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণৰ দাবী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

July 15, 2022 2:34 pm · কাজি জেইদুল ইছলাম,বিশ্বনাথ

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ সংবাদ মেল। ষষ্ঠ সংযোজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঠিক সীমা নিৰ্ধাৰণ সম্পৰ্কে সৰৱ‌ সংগঠনটো।

শীঘ্ৰেই অসম চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।‌ উল্লেখযোগ্য যে বিশ্বনাথৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ সমান্তৰাল কৈ কাজিৰঙা ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণৰ সমস্যাও ভয়াৱহ হৈ আছে দিনক দিনে।

সঠিক সীমা নিৰ্ধাৰণ নোহোৱাৰ ফলত বিপদত পৰিছে বিশ্বনাথৰ ধৰ্মীয় সংখ্যালঘু লোকসকল। জিলা উপায়ুক্তক‌ সাক্ষাত কৰি সংগঠনটোৱে শীঘ্ৰেই এনে সমস্যা সমাধানৰ দাবী উত্থাপন কৰে।

আনহাতে শেহতীয়াকৈ অসম চৰকাৰে বিশ্বনাথৰ পেটুলি বাৰিত কিছুদিন পূৰ্বে উচ্ছেদ কৰা লোকসকলক পুনৰ সংস্থাপন নিদিয়াক লৈও সৰৱ হৈ সংগঠন টোৱে।

দুই দিনৰ ভিতৰতে উচ্ছেদিত পৰিয়ালে সংস্থাপন নাপালে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিব সংগঠনটোৱে ।

আনহাতে কিছুদিন পূৰ্বে গৰীয়া, মৰীয়া, দেশী, জোলাহ, ছৈয়দ সকলক খিলঞ্জীয়াৰ স্বীকৃতি দিয়া বিষয়টো হাস্যকৰ বিষয় বুলি উল্লেখ কৰে খলিফাই।

Related News