NORTHEAST NOW (Assamese)

মানৱ অধিকাৰ কৰ্মী, সাহিত্যিক, সাংবাদিককে ধৰি চাৰি গৰাকী বৰেণ্য ব্যক্তিলৈ অসম সত্ৰ মহাসভাৰ বঁটা

March 18, 2021 10:41 am · এন ই নাও নিউজ

যোৱা ১৩ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ ছমৰীয়া সত্ৰত অসম সত্ৰ মহাসভাৰ উদ্যোগত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ হেতু  “সেতুবন্ধ২০২১” অনুষ্ঠিত হৈ যায়।

১৬ মাৰ্চৰ বিয়লি অসম সত্ৰ মহাসভাৰ সেতুবন্ধ কাৰ্যসূচীৰ মূল সভাৰ এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  অসমৰ চাৰিজনকৈ বৰেণ্য ব্যক্তিক ভিন্ন দিশ সামৰি বঁটা  প্ৰদান কৰা হয়।

অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মূল সভাৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তই।

উক্ত কাৰ্যসূচী উদ্বোধন কৰে সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত মহন্তই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰবা সত্ৰৰ সত্ৰাধিকাৰ দেৱনন্দ দেৱ গোস্বামী।

চৰণ নাৰ্জাৰী,পুৰুষত্বম উপাধ্যায়, মিলেশ্বৰ পাতৰ আদি বিশিষ্ট লোক সকলৰ উপস্থিতিত সন্ধিয়া ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ শতাধিক সন্মান, বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক “সেতুবন্ধ মানৱ সেৱা বঁটা২০২১”, লেখক ,সাহিত্যক, অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীক “সেতুবন্ধ সাহিত্য বঁটা২০২১” সাংবাদিক কুঞ্জ মোহন ৰায়ক “সেতুবন্ধ সংবাদ বান্ধৱ বঁটা২০২১” সত্ৰীয়া শিল্পী কৃষ্ণ গোস্বামীক “সেতুবন্ধ সত্ৰীয়া শিল্প গৱেষণা বঁটা২০২১” প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বঁটা প্ৰদান অনুষ্ঠানৰ এক আবেগিক মূহূৰ্তৰৰ সাক্ষী হয় উপস্থিত গণ্য-মান্যৰ লগতে সাধাৰণ ৰাইজ।

বঁটা প্ৰাপক  ডঃ দিব্যজ্যোতি শইকীয়া উক্ত অনুষ্ঠানত উপস্থিত থকা স্বত্বেও তেওঁ তেওঁৰ মাতৃক বঁটা গ্ৰহণ কৰিবলৈ দিয়ে।

বঁটা গ্ৰহণ কৰি ডঃ শইকীয়াই সন্মান তথা বঁটাই আমাক অধিক কাম কৰাৰ বাবে দায়িত্ব প্ৰদানৰ লগতে প্ৰেৰণা দিয়ে বুলি উল্লেখ কৰাৰ লগতে কয় যে মোৰ মাতৃয়ে কোনো দিনে ঘৰুৱা কামত হেঁচা প্ৰয়োগ নকৰে। মানুহৰ তথা সামাজিক কামৰ বাবে বাধা প্ৰদান কৰাৰ পৰিবৰ্তে তেওঁ দেশ, সমাজ তথা মানৱ জাতিৰ সেৱাৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাই আহিছে।

Related News