NORTHEAST NOW (Assamese)
অসম

নগাঁৱত কেঁ‌কোসাপসহ দুই চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰ

Posted by: মিণ্টু দাস November 6, 2018 8:01 pm
Nagaon

নগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি আজি কেঁকোসাপসহ দুই ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন দুই চোৰাং ব্যৱসায়ীক নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত আমনিৰ ৰেখাপাহাৰৰ অফাজুদ্দিন আৰু বিল্লাল হুছেইন বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, ধৃত চোৰাং ব্যৱসায়ী দুজনে কেঁকোসাপ সমূহ বিক্ৰীৰ বাবে গুৱাহাটীৰ পিনে লৈ যোৱাৰ সময়তে নগাঁও আৰক্ষীয়ে কেঁকোসাপসহ নগাঁও চহৰৰ নাতিদূৰৰ উৰিয়াগাঁও বাইপাছৰ পৰা আটক কৰে।

ধৃত লোকদুজনৰ পৰা আৰক্ষীয়ে বাৰটাকৈ কেঁকোসাপ উদ্বাৰ কৰে। এই কেঁ‌কোসাপকেইটাৰ বজাৰ মূল্য কেইবা লক্ষাধিক হ’ব পাৰে আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে নগাওঁ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে গঠন কৰা এই বিশেষ আৰক্ষী বাহিনীয়ে ইয়াৰ পূৰ্বেও উৰিয়াগাঁ‌ও বাইপাছতে ৪৩ টা কেঁ‌কোসাপসহ কেইবাজনো চোৰাং ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিছিল।