NORTHEAST NOW (Assamese)

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

January 26, 2021 7:26 pm · এন ই নাও নিউজ

পৰিবহন কৰ্মী সংস্থাই ২৭ জানুৱাৰিত ঘোষণা কৰা ২৪ ঘণ্টীয়া চকা বন্ধ উঠাই লয়।

পৰিবহন কৰ্মী সকলৰ বাবে কল্যাণকামী আঁচনি সন্দৰ্ভত শ্ৰম বিভাগে দিয়া আশ্বাসৰ পাছতে পৰিবহন কৰ্মী সকলে ঘোষণা কৰা চকা বন্ধ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চকা বন্ধ উঠাই লোৱাৰ পাছত উক্তদিনাখনে পৰিবহন কৰ্মী সংস্থাই চৰকাৰৰ বিভাগীয় প্ৰতিনিধি সকলৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰিব।

আনহাতে, চৰকাৰী প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হ’বলগীয়া আলোচনাত সন্তুষ্ট হ’লে পৰিবহন কৰ্মী সকলে ১২-১৩ ফ্ৰেব্ৰুৱাৰিত আহ্বান জনোৱা ৪৮ ঘণ্টীয়া চকা বন্ধ উঠাই লোৱাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

পূৰ্বে অসমৰ পৰিবহন কৰ্মী সকলে তেওঁলোকৰ বিভিন্ন দাবী সমূহ পুৰণৰ বাবে এলানি প্ৰতিবাদ মূলক কাৰ্য্যসূচী ঘোষণা কৰিছিল।

এই প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে কাইলৈ ২৪ ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰা হৈছিল।

Related News