হোজাইত পথাৰতে মহিলাৰ গাত জুই

ভূমি বেদখলদাৰী দল এটাই হোজাইত বৃহস্পতিবাৰে এগৰাকী মহিলাক পথাৰতে গাত জুই জ্বলাই দিয়াৰ এক ঘটনাৰ অভিযোগ উঠিছে।
চালেহা বেগম (৫০) নামৰ মহিলাগৰাকীক পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হোজাইৰ মুৰাঝাৰ আৰক্ষী থানাৰ অধীনৰ দক্ষিণ চামাৰালি অঞ্চলত ঘটনাটো সংঘটিত হৈছে।
মহিলাগৰাকীৰ মতে সেই মাটিখিনি তেওঁলোকৰ আৰু গুণ্ডা বাহিনীটোৱে তাক বলপূৰ্বকভাৱে দখল কৰাৰ চেষ্টা কৰিছিল।
“সিহঁতে মোৰ গাত জুই জ্বলাই মাৰিব খুজিছিল। মই কিবা ৰকমে বাচিলো,” তেওঁ কয়।
ঘটনাটোক লৈ মুৰাঝাৰ আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হৈছে।