NORTHEAST NOW (Assamese)
Popular Stories

ৰণবীৰ-দীপিকাৰ সংসাৰত আউল লগাব এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 28, 2020 1:19 pm
unnamed

সৌন্দৰ্যৰ বাবেই হওক বা বিভিন্ন মন্তব্যৰ বাবেই হওক বলিউদৰ কেইগৰাকীমান অভিনেত্ৰী ছ’চিয়েল মিডিয়াত সদায়ে অনুৰাগীসকলৰ মাজত চৰ্চাৰ বিষয় হৈ থাকে।

আজি আমি আপোনালোকক তেনে এগৰাকী অভিনেত্ৰীৰ বিষয়ে অৱগত কৰোৱাম। বৰ্তমান এই অভিনেত্ৰীগৰাকীৰ বিষয়ে বিশেষভাৱে চৰ্চিত হৈ আছে সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত।

বি টাউনৰ সৰ্বাধিক চৰ্চিত এই অভিনেত্ৰীগৰাকী হৈছে জিনাল পাণ্ডিয়া। অভিনেত্ৰীগৰাকী চৰ্চিত হোৱাৰ মূল কাৰণ হৈছে তেওঁ ৰণবীৰ সিঙক ডেটিঙৰ বাবে লৈ যাব বিচাৰে।

অলপতে এটা সাক্ষাৎকাৰত জিনালক কেইবাটাও প্ৰশ্ন সোধা হৈছিল যদিও তাৰ ভিতৰত দিয়া এটা উত্তৰে সকলোৰে দৃষ্টি কাঢ়ে। ৰণবীৰ সিং তেওঁৰ ক্ৰাছ আৰু তেওঁৰ সৈতে ডেটত যাব বিচাৰে বুলি অভিনেত্ৰীগৰাকীয়ে কয়।

অভিনেত্ৰী তথা মডেল জিনাল পাণ্ডিয়া ২০১০ বৰ্ষৰ মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট আছিল।

জিনালে নিজৰ কেৰিয়াৰ এগৰাকী মডেল হিচাপে আৰম্ভ কৰিছিল আৰু পাছত কেইবাখনো ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।