NORTHEAST NOW (Assamese)
অসম

আগতীয়াকৈ কৰক পৰিকল্পনা : মাৰ্চত মুঠ ১১ দিন বন্ধ থাকিব বেংক; একেৰাহে বন্ধ থাকিব ৬দিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 28, 2020 12:51 pm
closed-bank-750x375

মাৰ্চ মাহত বেংকৰ কাম যে থাকিবই সেয়া নিশ্চিত।কিন্তু মাৰ্চ মাহত মুঠ ৩১ দিনৰ ভিতৰত ১১ দিনেই বন্ধ থাকিব বেংক।

বাকী ২০ দিনৰ ভিতৰত আপুনি বেংকৰ যাৱতীয় কাম সম্পূৰ্ণ কৰিব লাগিব। অন্যথা সমস্যাৰ সন্মুখীন হ’ব পাৰে।

দৰমহা গাঁথনিৰ পৰিৱৰ্তন তথা বিলুপ্তিকৰণৰ প্ৰতিবাদত বেংক কৰ্মীসকলে আন্দোলন অব্যাহত ৰাখিছে।পৰ্যায়ক্ৰমে তেওঁলোকে ধৰ্মঘট চলাই আছে।

সেই একেই দাবীতে বেংক কৰ্মচাৰীসকলে ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে একেৰাহে তিনিদিনৰ বাবে ধৰ্মঘটৰ আহ্বান দিয়া হৈছে।

ইপিনে, ধৰ্মঘট আৰম্ভ হোৱাৰ আগৰ দিনটো অৰ্থায ১০ মাৰ্চ মঙলবাৰে হোলীৰ বাবে বেংক বন্ধ থাকিব।

আকৌ ১৪ মাৰ্চ মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১৫ মাৰ্চ দেওবাৰ। সেয়েহে, উক্ত দুদিনো বেংকৰ কামকাজ বন্ধ।

ইয়াৰ ফলত ৯ মাৰ্চ, সোমবাৰৰ পাছত গ্ৰাহকসকলে পৰৱৰ্তী ১৬ মাৰ্চতহে বেংকৰ সেৱা লাভ কৰিব পাৰিব।

স্বাভাৱিকতে একেৰাহে ছয় দিনকৈ বেংক বন্ধ থকাৰ ফলত সাধাৰণ মানুহ সমস্যাৰ সন্মুখীন হ’ব।

ধৰ্মঘটৰ বাহিৰেও আন কেইবাটাও বন্ধ আছে বেংকৰ। ১০ মাৰ্চ হোলীৰ বন্ধৰ লগতে মাহটোত মুঠতে পাঁচটা দেওবাৰ আৰু দ্বিতীয় তথা চতুৰ্থ শনিবাৰ মিলি মুঠ সাত দিন বন্ধ আছে।

সেয়েহে, বেংকৰ কোনো কাম থাকিলে আগতীয়াকৈ নিয়াৰিকৈ পৰিকল্পনা কৰক।