NORTHEAST NOW (Assamese)

শংকৰদেৱ সংঘৰ ৫৩ সংখ্যক মাৰ্ঘেৰিটা জিলা সমিতি গঠন

November 25, 2019 7:44 am · মানস প্রতীম গগৈ

গুৰুজনাৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ১৯৩০ চনত গঠন হোৱা শংকৰদেৱ সংঘৰ ৫৩ সংখ্যক জিলা সমিতিখন দেওবাৰে মাৰ্ঘেৰিটাত গঠন কৰা হয়৷

মাৰ্ঘেৰিটা ৪নং মাকুম পথাৰস্থিত উত্তৰ মাৰ্ঘেৰিটা প্ৰাথমিকৰ গুৰুগৃহত কালি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাৰ্ঘেৰিটা জিলা শাখাক স্বীকৃতি প্ৰদান কৰে৷

ভাষণ প্ৰসংগত তেওঁ কয়, ‘সাম্প্ৰতিক সময়ৰ বিষয়বোৰৰ দিশে সংঘক জনমুখী কৰাৰ বাবে শংকৰ সংঘত বিশ্বাসী সকলোৱে চেষ্টা কৰিব লাগিব৷ ভকত বৈষ্ণৱক লগত লৈ পাহাৰে-ভৈয়ামে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গুৰুজনাৰ আদৰ্শ সঠিকৰূপত প্ৰচাৰ কৰিলেহে শংকৰদেৱৰ আদৰ্শ আৰু অধিক তনকিয়াল হ’ব৷’

‘সকলোকে লগত লৈ শংকৰদেৱ সংঘক সন্মুখৰ পৰা নেতৃত্ব দি সামাজিক প্ৰতিবন্ধকতা অতিক্ৰম কৰি মানুহৰ মাজলৈ এই অনুষ্ঠানটো লৈ যাব বিচাৰো৷’ তেওঁ লগতে কয়।

সভাত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, যুটীয়া সম্পাদক কুশল ঠাকুৰীয়া, কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা ফুনু গগৈ বৰাৰ উপৰিও প্ৰায় কেইগৰাকী নেতৃস্থানী ব্যক্তি তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা শাখাৰ বহুকেইজন ভকত-বৈষ্ণৱ উপস্থিত থাকে৷

অনুষ্ঠানত নৱগঠিত মাৰ্ঘেৰিটা জিলা সমিতিৰ দুৰ্গেশ্বৰ দত্তক সভাপতি, গুণ বৰুৱাক সম্পাদক, মুলৰ সদস্য ভদ্ৰেশ্বৰ শইকীয়াসহ ৪১ গৰাকী সদস্য-সদস্যাৰে শক্তিশালী জিলা সমিতি গঠন কৰা হয়৷

এই জিলা সমিতিৰ অধিনত চাৰিখন প্ৰাথমিক শাখা থাকিব। উক্ত সভাত মাৰ্ঘেৰিটাৰ জিলা সমিতিৰ তৰফৰ পৰা শংকৰদেৱ সংঘৰ গুৱাহাটী ৰূপনগৰস্থিত বিশ্ববিদ্যালয়ৰ বাবে ৬লাখ টকা অনুদান হিচাপে আগবঢ়োৱা হয়৷

Related News