NORTHEAST NOW (Assamese)
Popular Stories

ৰহস্যজনকভাৱে ২১টা হাতী বনতাৰালৈ বদলি সন্দৰ্ভত চৰকাৰী মৌনতাক লৈ প্ৰশ্ন পৰিবেশকৰ্মীসকলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2025 9:12 am

অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা গুজৰাটৰ জামনগৰত থকা ৰিলায়েন্সৰ মালিকানাধীন ব্যক্তিগত চিৰিয়াখানা বাতাৰালৈ অসমৰ মাজেৰে ২১টা হাতী নিয়াৰ ঘটনাই বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে কেইবাটাও উত্তৰহীন প্ৰশ্নৰ উত্থাপন কৰিছে।

অসম চৰকাৰে ঘটনাত জড়িত হোৱাৰ কথা অস্বীকাৰ কৰাৰ বিপৰীতে হাতী বদলিৰ গোপনীয়তা আৰু কৰ্তৃপক্ষৰ স্বচ্ছতাৰ অভাৱক লৈ পৰিৱেশ কৰ্মী আৰু একাংশ সাংবাদিক উদ্বেগ প্ৰকাশ কৰিছে।

গুজৰাটত পঞ্জীয়নভুক্ত পশু এম্বুলেন্সৰ কনভয়ত পৰিবহণ কৰা হাতী কেইটাক প্ৰথমে অসমৰ বুলি ভবা হৈছিল।

অৱশ্যে এই জীৱ-জন্তুবোৰ অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ বুলি নিশ্চিত কৰা হৈছে, আৰু উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এখন উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ নিৰ্দেশত বদলি কৰা হৈছে।

অসমৰ মুখ্যমন্ত্রীৰ কার্যালয়ে হাতীকেইটা অসমৰ পৰা অহা বুলি উত্থাপিত অভিযোগ শীঘ্রে খাৰিজ কৰি টুইটযোগে উল্লেখ কৰি কয় যে, ‘ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে সম্প্রতি অসমৰ পৰা কোনো হাতী কঢ়িয়াই অনা হোৱা নাই৷ অসমক এনেধৰণৰ কাৰ্যকলাপৰ সৈতে সংযোগ কৰা কিছুমান বাতৰি আৰু ছচিয়েল মিডিয়াত পোষ্ট কৰা সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা।

প্ৰথম অৱস্থাত জামনগৰৰ বনতাৰাৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসৰ হাতী উদ্ধাৰ আৰু পুনৰ্বাসনৰ পদক্ষেপৰ অংশ হিচাপে এই বদলি ন্যায্যতা প্ৰদান কৰা হৈছে। কিন্তু হাতীকেইটাক উদ্ধাৰ কৰাতকৈ ক্ৰয় কৰা বুলি প্ৰকাশ পোৱা তথ্যই সংৰক্ষণৰ আঁৰত বন্যপ্ৰাণীক পণ্যত পৰিণত কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

বনতাৰাঃ নিৰীক্ষণৰ অধীনত থকা এখন ব্যক্তিগত চিৰিয়াখানা

ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে পৰিচালিত ব্যক্তিগত মালিকানাধীন চিৰিয়াখানা বনতাৰাই বছৰ বছৰ ধৰি একাধিক ৰাজ্যৰ পৰা হাতী অধিগ্ৰহণ কৰি আহিছে, ইয়াত ৫০০ একৰ ভূমিত হাইড্ৰথেৰাপি পুল, চিকিৎসা কেন্দ্ৰ আৰু বিশাল ঘেৰাও আছে।

উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে এই বদলিৰ নিৰ্দেশ

নামছাই জিলাৰ উপায়ুক্ত চি.আৰ.খাম্পাই নিশ্চিত কৰে যে অৰুণাচল প্ৰদেশৰ বন বিভাগৰ চৰকাৰী অনুমতি সাপেক্ষে হাতীকেইটা স্থানান্তৰ কৰা হৈছে। এই স্থানান্তৰৰ বাবে এইচ পি চিয়ে বনতাৰাৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসক অনুমতি দিছিল।

এই পথৰ কাষৰ ৰাজ্যিক আৰক্ষীকোঅসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাটকে ধৰিকনভয়টোৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কমিটীয়ে নিৰ্দেশ দিয়ে।

এই ৰাজ্যসমূহৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা ইমেইলযোগে এইচ পি চিয়ে লিখিছে- এই কনভয়টোৱে ২০২৫ চনৰ ১৮ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত অৰুণাচল প্ৰদেশৰ পৰা জামনগৰলৈ ২১টা হাতী কঢ়িয়াই নিব, যাত্ৰাত ৭-৮ দিন লাগিব বুলি আশা কৰা হৈছে। বাটত হব পৰা বিঘিনি বা ঘটনা সন্দৰ্ভত ট্ৰাষ্টে উদ্বেগ প্ৰকাশ কৰিছে।

উদ্ধাৰঅভিযানক লৈ উদ্বেগ

জামনগৰৰ ৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসে পৰিত্যক্ত, আহত, আৰু বৃদ্ধ হাতী উদ্ধাৰৰ ক্ষেত্ৰত বিশেষজ্ঞ বুলি দাবী কৰাৰ বিপৰীতে পৰিৱেশ কৰ্মীসকলে এই অভিযানৰ বৈধতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

২০১৩-১৪ চনত স্থাপিত এই ট্ৰাষ্টে ৰিলায়েন্স গ্ৰুপৰ সহায়ত অসম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশকে ধৰি ৰাজ্যৰ ১৫০ টাতকৈও অধিক হাতীক উদ্ধাৰকৰিছে। তেওঁলোকৰ ৫০০ একৰ ভূমিত হাইড্ৰথেৰাপি পুল, পশু চিকিৎসালয়, আৰু হাতীৰ বাবে ঘেৰাও আছে।

জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লৱ গোস্বামীয়ে পৰিবহণ কৰা হাতীবোৰৰ কোনো ৰোগ বা বাৰ্ধক্যত ভোগা বুলি কৰা চৰ্চাক লৈ প্ৰশ্ন উত্থাপন কৰে। গোস্বামীয়ে কয় যে, উত্তৰ-পূবৰ এই হাতীবোৰ সঁচাকৈয়ে অসুস্থ আছিল নেকি? শনিবাৰে নিশা অসমৰ মাজেৰে পাৰ হৈ যোৱা দেখা সকল সুস্থ যেন লাগিল। যদি সঁচাকৈয়ে হাতী উদ্ধাৰ কৰি আছে, তেন্তে কিয় গধুৰ নিৰাপত্তা? চৰকাৰে কিয় কোনো সবিশেষ ৰাজহুৱা কৰা নাই?”

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে যে ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত অসমৰ বন বিভাগে কিয় বাহনসমূহ পৰীক্ষা নকৰিলে।

পৰিবেশকৰ্মীসকল স্বচ্ছতাৰ দাবী

কাজিৰঙাৰ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে আৰু অধিক উদ্বেগ প্ৰকাশ কৰে।তেঁও কয় মাত্ৰ ১০৯টা বন্দী হাতীৰ অভিলেখ সৃষ্টি কৰা অৰুণাচল প্ৰদেশ কেনেকৈ হঠাতে উদ্ধাৰযোগ্যহাতীৰ প্ৰচুৰ উৎস হৈ পৰিল? এই হাতীবোৰ সঁচাকৈয়ে অৰুণাচলৰ নেকি, নে অসমৰ বন্য জনসংখ্যাৰ অংশ?’

ঢেকীয়াজুলিৰ সাংবাদিক তথা পৰিবেশ কৰ্মী দিলীপ নাথে হাতীকেইটাক চিকিৎসাৰ বাবে কঢ়িয়াই নিয়াৰ দাবীক লৈ সন্দেহৰ সৃষ্টি কৰিছে।

নাথে কয়, যদি এইটো চিকিৎসা সেৱাৰ বাবে বৈধ বদলি আছিল, তেন্তে আৰক্ষীৰ এস্কৰ্ট কিয়? অসমৰ বনাঞ্চলৰ দুৱাৰত কিয় পৰিদৰ্শন নহ? ইয়াক কেন্দ্ৰ কৰি থকা গোপনীয়তাই গোপন চুক্তিৰ সন্দেহৰ সৃষ্টি কৰিছে।

উত্তৰহীন প্ৰশ্ন আৰু চৰকাৰী মৌনতা

অসম চৰকাৰৰ মতে ৰাজ্যৰ পৰা কোনো হাতী নিয়া হোৱা নাই। কিন্তু বদলিৰ, স্বাস্থ্যৰ অৱস্থা আৰু প্ৰকৃত উদ্দেশ্যৰ বিষয়ে স্পষ্টতাৰ অভাৱৰ বাবে পৰিবেশ কৰ্মীসকলে সম্পূৰ্ণ তথ্য প্ৰকাশৰ দাবী উত্থাপন কৰিছে।

ক্ৰমবৰ্ধমান ৰাজহুৱা বিতৰ্কৰ লগে লগে পৰিৱেশবিদসকলে জোৰ দি কয় যে অৰুণাচল আৰু অসম দুয়োখন চৰকাৰে ২টা হাতীৰ প্ৰকৃত মালিকীস্বত্ব, ব্যক্তিগত চিৰিয়াখানালৈ স্থানান্তৰিত হোৱাৰ কাৰণ আৰু ৰাজ্যিক সংস্থাসমূহে কিয় এই বিষয়ত মৌনতা অৱলম্বন কৰিছে সেই বিষয়ে স্পষ্ট কৰি বিতং বিবৃতি প্ৰকাশ কৰিব লাগিব।

পৰিবহণ সুৰক্ষাৰ ওপৰত উদ্বেগ

এই বিতৰ্ক আৰু অধিক বৃদ্ধি কৰি পৰিৱেশ কৰ্মী জয়ন্ত দাসে অভিযোগ কৰিছে যে পৰিবহণৰ বাবে ব্যৱহাৰ কৰা পশু এম্বুলেন্সত প্ৰয়োজনীয় প্ৰমাণপত্ৰৰ অভাৱ, ত আছে: প্ৰদূষণ নিয়ন্ত্ৰণৰ অধীনত প্ৰমাণপত্ৰ (পি ইউ চি চি), বীমা আৰু ফিটনেছ প্ৰমাণপত্ৰ।

দাসে আৰু প্ৰশ্ন কৰে, “এই হাতীবোৰৰ দীঘলীয়া আৰু মানসিক চাপৰ যাত্ৰাত যি দুখ-কষ্টৰ বাবে দায়ী কোন হ? বন্যপ্ৰাণী বা চৰকাৰী সংৰক্ষণ কেন্দ্ৰত হাতীক পুনৰ সংস্থাপনৰ পৰিৱৰ্তে ব্যক্তিগত চিৰিয়াখানালৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছে কিয়?”

এই জটিল প্ৰশ্নবোৰৰ উত্তৰ নোপোৱালৈকে উত্তৰ-পূবৰ পৰা গুজৰাটলৈ হাতী স্থানান্তৰ কৰাটো গোপনীয়তাৰে আবৃত হৈ আছে, যাৰ ফলত সংৰক্ষণৰ প্ৰচেষ্টাৰ বেশত বন্যপ্ৰাণী সৰবৰাহৰ আশংকা বৃদ্ধি পাইছে।