NORTHEAST NOW (Assamese)
Popular Stories

পিতৃক সমাধিস্থ কৰিবলৈয়ো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া হ’ল যুৱক! মৰ্মান্তিক গোচৰত আচৰিত ন্যায়াধীশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2025 7:54 am

১২ দিন ধৰি মৰ্গত পৰি থকা পিতৃৰ মৃতদেহ, পৰিয়ালৰ লোককো শ্মশানত সোমাবলৈ দিয়া নাই গাঁওবাসীয়ে! ছত্তীশগড়ৰ বাষ্টাৰ নিবাসী ৰমেশ বাঘেলে পিতৃৰ অন্তিম ৰীতি-নীতি পালন কৰাৰ অধিকাৰৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁৰ পিতৃক তেওঁৰ পূৰ্বপুৰুষৰ কবৰস্থানত সমাধিস্থ কৰিবলৈ অনুমতি দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে

জানিব পৰা মতে, সবাছ বাঘেল নামৰ মৃত লোকজনে পৰিয়ালৰ সৈতে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। এই কাৰণেই গাঁৱৰ শ্মশানত তেওঁৰ মৃতদেহ সমাধিস্থ কৰাত আপত্তি কৰে গাঁওবাসীয়ে।

এই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পিতৃৰ শেষ ৰীতি-নীতিৰ বাবে এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়লৈ আহিবলগীয়া হৈছে বুলি সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে।

চৰকাৰী অধিবক্তা তুষাৰ মেহতাই শুনানিৰ সময়ত যুক্তি দি কয় যে যদিহে এই আবেদন কেৱল আৱেগৰ ভিত্তিত কৰা হৈছে, তেন্তে কবলগীয়া একো নাই। কিন্তু আৱেগৰ বাহিৰত কিবা এটা হলে যুক্তিৰ ঠাই থাকে। আবেদন দাখিল কৰা যুৱকজনৰ অধিবক্তা কলিন গনছালভেছে কয় যে, “সমাধিস্থ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ আচল কাৰণটো হল পৰিয়ালটোৱে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।

আদালতে এই অমীমাংসিত বিষয় সন্দৰ্ভত পৰৱৰ্তী শুনানি বুধবাৰে অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে।