NORTHEAST NOW (Assamese)

৯০ টা ভোটবিশিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান ১৮১ টা : কৰ্তব্যৰত নিৰ্বাচনী বিষয়াসকলক নিলম্বন

April 5, 2021 9:30 pm · এন ই নাও নিউজ

অসম বিধান নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণত বিভিন্ন ঠাইত বিসংগতি হোৱাৰ বাতৰি আহিছে।

যোৱা ২ এপ্ৰিলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়j ভোটগ্ৰহণ দিনা ডিমা হাছাও জিলাতো ভোটগ্ৰহণত বিসংগতি হোৱাৰ  বাতৰি আহিছে।

সোমবাৰে ডিমা হাছাও জিলাৰ হাফলং বিধাসভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত বৈধ ভোটাৰ সংখ্যাতকৈ ভোটদানৰ সংখ্যা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে।

হাফলাং বিধানসভা সমষ্টিৰ ৯০ টা ভোট বিশিষ্ট ১০৭ নং খোথলি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰ্বাচনী তথ্য পাতিসমূহ পৰীক্ষা কৰাৰ অন্তত ১৮১ টা ভোটদান হোৱাৰ তথ্য পোৱা গৈছে।

জিলা নিৰ্বাচন বিষয়াই প্ৰকাশ কৰা অনুসৰি উক্ত ভোটগ্ৰহণ কেন্দ্ৰটো ২০২১ৰ বিধানসভা নিৰ্বাচনত নতুনকৈ স্থাপন কৰা হৈছে।

মুখ্য নিৰ্বাচন বিষয়া নীতিন খাডেই প্ৰকাশ কৰা অনুসৰি উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত মুঠ বৈধ ভোট আছে ৯০ টা আৰু ভোটদান হৈছে ১৮১ টা।

এইন বিসংগতি ধৰাৰ পৰাৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

আনহাতে উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত কৰ্তব্যৰত ৫ গৰাকী নিৰ্বাচনী বিষয়াক নিলম্বন কৰা হৈছে।

Related News