NORTHEAST NOW (Assamese)

নিকায়-নিগমত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ বিধেয়ক গৃহীত অসম বিধানসভাত

December 24, 2021 6:49 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম বিধানসভাই ৰাজ্যখনৰ নিকায়-নিগমৰ সমষ্টিসমূহত ১০ বছৰলৈ মহিলাসকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ বাবে দুখন বিধেয়ক গৃহীত কৰিছে।

অসম পৌৰ (তৃতীয় সংশোধনী) বিধেয়ক, ২০২১ অনুসৰি যিকোনো পৌৰসভাত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত আসনসহ প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা পূৰণ কৰিবলগা মুঠ আসনৰ ৫০ শতাংশ মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব।

অসম পৌৰ আইন, ১৯৫৬-ৰ সংশোধনী অনুসৰি প্ৰতি ১০ বছৰত পৌৰসভা এখনৰ বিভিন্ন সমষ্টিত এনেদৰে আসন আৱণ্টন কৰা হ’ব।

নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে কয়, “১০ বছৰৰ বাবে এটা ৱাৰ্ডত সংৰক্ষণৰ পদক্ষেপে মহিলাসকলক নিৰ্বাচনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব আৰু তেওঁলোকক নগৰীয়া স্থানীয় সংস্থাসমূহৰ দ্বাৰা ৰূপায়ণ কৰা আঁচনিসমূহত স্থিৰতা আনিবলৈ সক্ষম কৰিব।”

বিধানসভাই লগতে গুৱাহাটী পৌৰ নিগম (সংশোধনী) বিধেয়ক, ২০২১ ও গৃহীত কৰে। এই বিধেয়কে কাউঞ্চিলাৰ সকলৰ প্ৰত্যক্ষ নিৰ্বাচনত মহিলা সংৰক্ষণৰ কাৰ্যকাল ১০ বছৰলৈকে বৃদ্ধি কৰে।

Related News