NORTHEAST NOW (Assamese)

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মাৰোৱাৰী সমাজৰ ওচৰত ক্ষমা বিচাৰিলে! কিন্তু কিয়?

May 27, 2021 2:46 pm · দীপক কুমাৰ পাঠক
বৃহস্পতিবাৰে তামুলপুৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ফটো: নৰ্থইষ্ট নাও।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আজি তামুলপুৰত উপস্থিত হয়। ইয়াতেই অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ গৌৰৱ সোমানিয়াৰ অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিশ্বজিত দৈমাৰীয়ে।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে মাৰোৱাৰী সমাজৰ ওচৰত ক্ষমাও বিচাৰে।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজি তামুলপুৰত পদাৰ্পণ কৰে।

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত অধ্যক্ষ গৰাকীয়ে এটি ব্যক্তিগত চেনেলত ট’ক শ্ব’ত ব্যৱহাৰ কৰা মাৰোৱাৰী-ছাৰোৱাৰী  শব্দক লৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ গৌৰৱ সোমানীয়ে মাৰোৱাৰী সমাজক অপমান কৰা বুলি কৰা মন্তব্য তথা আপত্তিৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

তেওঁ কয়, ‘’মই অসমীয়া হিচাপে অসমীয়া ভাষাত কথা কৈছো আৰু অসমীয়া ব্যাকৰণত যি দৰে ভাত-তাত, মাছ-তাছ আদি অনুৰূপ শব্দ ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে মই মাৰোৱাৰী শব্দটোৰ লগত ছাৰোৱাৰী বুলি অনুৰূপ শব্দহে ব্যৱহাৰ কৰিছো। তাত অন্য একো নাই। এয়া বহল অৰ্থতহে ব্যৱহাৰ কৰা হৈছে।‘’

দৈমাৰীয়ে পুনৰ কয় যে গৌৰৱ সোমানিয়া নতুনকৈ অসমত আহিছে নে আগৰ পৰাই অসমত আছে সেই কথা মই নাজানো। তেওঁ যদি অসমৰে মানুহ হয় অসমীয়া ভাষা, অসমীয়া শব্দ প্ৰয়োগ, অসমীয়া ব্যাকৰণ জনাটো দৰকাৰ। যদি নাজানে সেয়া দুৰ্ভাগ্যজনক আৰু এয়া অসমীয়াৰ বাবেও এক সংকটজনক পৰিবেশ।

যদি আমি আমাৰ ভাষাৰে কথা কব নোৱাৰো, অসমীয়া বুজি নোপোৱা মানুহে অসমীয়া ভাষাৰ শব্দটোক বেয়া বুলি কয়,  অসমীয়া মানুহে অসমীয়া ভাষা কোৱাৰ বাবে যদি ক্ষমা বিচাৰিবলৈ কয় তেতিয়া অসমত অসমীয়া ভাষাৰ কি মুল্য থাকিব বুলি প্ৰশ্ন উত্থাপন কৰে দৈমাৰীয়ে।

তেওঁ কয় যে মাৰোৱাৰীৰ লগত ছাৰোৱাৰী শব্দটোৰ ব্যৱহাৰ কিমান সমীচিন সেয়া ভাষাবিদ সকলে চৰ্চা কৰিব। অনুৰূপ শব্দৰ ব্যৱহাৰেৰে ভাষা এটাক সুন্দৰকৈহে উপস্থাপন কৰা হয়।

তেওঁ পুনৰ কয় যে যদি মোৰ কথাই তেওঁলোকৰ সমাজখনক দুখ দিছে, মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে আৰু অসমীয়া মানুহৰ  প্ৰতিনিধি হিচাপে তেওঁলোকৰ ওচৰত ক্ষমা বিছাৰিছো।

মোৰ মাতৃভাষাৰ শব্দ প্ৰয়োগে যদি কাৰোবাক দুখ দিছে মোৰ জাতিটোৱে কেতিয়াও ইয়াৰ কাৰণে কথা শুনিব নালাগে।

আজি এনেদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

Related News