NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ পূৰ্বে ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিৱেশন; দাখিল কৰা হ’ব লেখানুদান

January 30, 2026 9:20 am · এন ই নাও নিউজ, গুৱাহাটী

চলিত অসম বিধানসভাৰ অন্তিমখন অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই অধিৱেশনতে ৰাজ্য চৰকাৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে লেখানুদান (ভোট অন একাউণ্ট) বাজেট দাখিল কৰিব। বৃহস্পতিবাৰে (২৯ জানুৱাৰী) আনুষ্ঠানিক অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে।

অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৯:৩০ বজাত সদন আহ্বান কৰিবলৈ নিৰ্দেশ দিছে। বিধানসভাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অধিৱেশন চাৰিদিনীয়া হোৱাৰ সম্ভাৱনা আছে।

তেওঁ লগতে কয়, ‘’এই চাৰিদিনৰ ভিতৰত লেখানুদা বাজেট দাখিল কৰা হ’ব। বিজনেছ এডভাইছৰী কমিটিৰ বৈঠক নোহোৱাৰ বাবে বিশদ সময়সূচী এতিয়াও চূড়ান্ত হোৱা নাই।‘’

চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহত অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সম্প্ৰতি শাসকীয় বিজেপিৰ ৬৪ জন বিধায়ক থকাৰ বিপৰীতে মিত্ৰ দল অগপ, ইউপিপিএল, আৰু বিপিএফৰ ক্ৰমে ৯, ৭ আৰু তিনিজন বিধায়ক আছে।

আনহাতে, বিৰোধী দলত আছে কংগ্ৰেছৰ ২৬ জন বিধায়ক, এ আই ইউ ডি এফৰ ১৫ জন, চি পি আই (এম)ৰ এজন, আৰু এজন নিৰ্দলীয় বিধায়ক।

Related News