বাক্সাত উদ্ধাৰ অপহৃত কিশোৰী : তিনি অভিযুক্তক গ্ৰেপ্তাৰ
যোৱা ৫ ফেব্ৰুৱাৰীত বাক্সা জিলাৰ সুৱাগপুৰৰ পৰা অপহৰণ কৰা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ এটা দলে।
দুদিনীয়া অভিযানৰ অন্তত ওদালগুৰিৰ মাজবাটৰ পৰিত্যক্ত ৰেলৱে কোৱাৰ্টাৰত বন্দী হৈ থকা অৱস্থাত উদ্ধাৰ হয় কিশোৰী দুগৰাকীক।
৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া নিৰুদ্দেশ হোৱাৰ পিছত কিশোৰী দুগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰক্ষীয়ে।
মোবাইলৰ স্থানৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে পৰিত্যক্ত কোৱাৰ্টাৰটোত অভিযান চলাই দুই কিশোৰীক সফলতাৰে উদ্ধাৰ কৰে।
অপহৰণৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এজনে পলায়ন কৰিবলৈ সক্ষম হয়। মাজবাটৰ হাজুগুৰিৰ বাবু বড়ো (২২) নামৰ এজন যুৱকক এই অপৰাধৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।