NORTHEAST NOW (Assamese)
Popular Stories

আই পি এলত হতাশাজনক প্ৰদৰ্শনৰ পিছতো দুলীপ ট্ৰফীৰ বাবে নিৰ্বাচিত হ’ল ৰিয়ান পৰাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2023 3:23 pm
আই পি এলত হতাশাজনক প্ৰদৰ্শনৰ পিছতো দুলীপ ট্ৰফীৰ বাবে নিৰ্বাচিত হ’ল ৰিয়ান পৰাগ

আগন্তুক দুলীপ ট্ৰফী প্ৰতিযোগিতাৰ ইষ্ট জ’ন দলৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে অসমৰ বেটছমেন ৰিয়ান পৰাগ।

বৃহস্পতিবাৰে অসম ক্ৰিকেট সন্থাই এই কথা নিশ্চিত কৰিছে।

ক্ৰিকেট সংন্থাৰ বিষয়বৰীয়াই কোৱা মতে  ‘দুলীপ ট্ৰফীত অংশগ্ৰহণৰ বাবে ইষ্ট জ’নৰ দলটোক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগক নিৰ্বাচিত কৰা হৈছে।’

অহা ২৮ জুনৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’ব দুলীপ ট্ৰফী প্ৰতিযোগিতা। 

উল্লেখ্য যে সদ্য সমাপ্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰিয়ান পৰাগে এটা পাহৰিব নোৱাৰা ছিজন পাৰ কৰিছিল।

আই পি এল ২০২৩ ছিজনত পৰাগে বেটিং কৰাৰ ৭টা সুযোগ লাভ কৰি ক্ৰমে ৭, ২০, ৭, ৫, ১৫, ৪, আৰু ২০ ৰান সংগ্ৰহ কৰিছিল।

জানিব পৰা মতে, ২০২৩ চনৰ দুলীপ ট্ৰফীৰ সকলো মেচ বেংগালুৰুত অনুষ্ঠিত হ’ব।