NORTHEAST NOW (Assamese)
Popular Stories

দৈনিক মদ খালে কমি যায় হাৰ্ট এটেকৰ সম্ভাৱনা! অধ্যয়নত ওলাল আচৰিত তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2023 4:44 pm

যি সময়ত যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ ৰাগীত নিজকে হেৰুৱাই পেলাইছে, যি সময়ত বিভিন্ন সামাজিক সংস্থাই মদ্যপান বা ধূম পান ৰোধ কৰিবলৈ বিভিন্ন সজাগতামূলক কাৰ্য-কলাপ অব্যাহত ৰাখিছে  সেই সময়তে প্ৰকাশ পাইছে এক আচৰিত গৱেষণাৰ আচৰিত তথ্য।

শেহতীয়াকৈ কৰা এক অধ্যয়নত এনে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, যি তথ্যক কেন্দ্ৰ কৰি চৌদিশে বিতৰ্কৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ ডিগবৈত গছত খুন্দা মাৰি ভয়াবহ দুৰ্ঘটনাত পতিত গাড়ী; ৪ জন নিহত

‘জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’লজি’ত প্ৰকাশ পাইছে এই আচৰিত তথ্য। গৱেষণা পত্ৰখনত গৱেষকসকলে প্ৰতিদিনে কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰি সেইটো সঠিকভাৱে নিৰ্ণয় কৰিছে।  সেই তথ্য অনুসৰি প্ৰতিদিনে এগৰাকী মহিলাই এগিলাচ আৰু এজন পুৰুষে দুগিলাচ মদ্য পান কৰিব পাৰে।

উক্ত গৱেষকসকলৰ মুৰব্বী হৃদৰোগ বিশেষজ্ঞ আহমেদ টাৱাকোলে কয় যে আমাৰ গৱেষণাৰ জৰিয়তে মানুহক মদ্যপান কৰিবলৈ উৎসাহিত কৰা হোৱা নাই। বৰঞ্চ আমাৰ অধ্যয়নৰ মূল উদ্দেশ্য হ’ল লঘু আৰু মধ্যমীয়া মদ্যপানে হৃদযন্ত্ৰৰ ৰোগ কেনেকৈ হ্ৰাস কৰিব পাৰে সেই সম্পৰ্কে অধ্যয়ন কৰি তথ্যৰ আৱিস্কাৰ কৰা।

লগতে পঢ়কঃ কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী; চলিছে ব্যাপক তালাচী

গৱেষক দলটোৱে জানিবলৈ দিয়া মতে, নিয়মিতভাৱে মদ খোৱা ৫০ হাজাৰৰো অধিক লোকৰ ওপৰত এই পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত দেখা গ’ল যে যিসকলে সপ্তাহত এবাৰ বা তাতকৈ অধিক মদ্যপান কৰে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বহু কম। যিসকলে মাজে মাজে মদ্যপান কৰে কিন্তু নিয়মিতভাৱে মদ্যপান নকৰে তেওঁলোকৰো হৃদৰোগৰ সম্ভাৱনা বহু কম।

ইয়াৰ উপৰিও তেওঁলোকৰ গৱেষণাৰ পৰা আন এক তথ্য পোহৰলৈ আহিছে। অত্যধিক মানসিক চাপত ভুগি থকা লোকৰ ওপৰতো মদ্যপানে ইতিবাচক প্ৰভাৱ পেলাব পাৰে। মাজে মাজে লঘুৰ পৰা মধ্যমীয়া মদ্যপান কৰি দুঃচিন্তা কম কৰিব পাৰি। 

কিন্তু অত্যধিক মদ্যপান শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয় বুলি জাৰ্নেল অৱ দ্য কলেজ অৱ ফিজিঅ’লজিত প্ৰকাশ পাইছে। অত্যধিক মদ্যপানে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে বুলিও গৱেষণা পত্ৰখনত দাবী কৰা হৈছ।

লগতে পঢ়কঃ পুনৰ উত্তপ্ত মণিপুৰ! ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ

কোনো ব্যক্তিয়ে অত্যধিক মদ্যপান কৰিলে যকৃতৰ পৰা বৃক্কলৈকে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে জানিব পৰা গৈছে যে অত্যধিক মদ্যপান কৰা ব্যক্তিৰ আয়ুস ক্ৰমান্বয়ে কমি আহে।