NORTHEAST NOW (Assamese)
অসম

সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত বিহালীত অৱস্থান ধৰ্মঘট

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 1, 2019 8:23 am
সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত বিহালীত অৱস্থান ধৰ্মঘট

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়ভাৱে সাংবাদিকৰ ওপৰত চলা আক্ৰমণ কাণ্ডৰ প্ৰতিবাদত মঙলবাৰে বিহালী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বিহালীৰ বিভিন্ন দল সংগঠনৰ সহযোগত বিহালীৰ বৰগাংত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন হয় |

‘সাংবাদিক আক্ৰমণকাৰী হুঁচিয়াৰ’, ‘সাংবাদিকক নিৰাপত্তা দিয়ক’ আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে ধৰ্মঘটস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে। তদুপৰি বিহালী প্ৰেছ ক্লাবে সাংবাদিকৰ জীৱন সম্পত্তি, নিৰাপত্তা সুনিশ্চিত কৰা, সাংবাদিক আক্ৰমনকাৰীক শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনায়।

আনহাতে ধৰ্মঘট কাৰ্যসূচী অন্ত পৰাৰ পিছতে সাংবাদিকৰ জীৱন সম্পত্তি সুৰক্ষা কটকটীয়া কৰাৰ দাবী জনাই বিহালী প্ৰেছ ক্লাবৰ সদস্যসকলে বিহালী উন্নয়ন খণ্ড বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ এখন তিনি দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।