NORTHEAST NOW (Assamese)
Popular Stories

ভূপেন বৰা-প্ৰদ্যুৎ বৰদলৈৰ যোগদানে সলালে সমীকৰণ: আউল লাগিল বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনত, তালিকা ঘোষণাত বিলম্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2026 9:39 am

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ ক্ষণ চমু চাপি অহাৰ লগে লগে ৰাজ্যিক ৰাজনীতিৰ দৃশ্যপট প্ৰতিটো পলতে সলনি হবলৈ ধৰিছে। বিভিন্ন ভৱিষ্যদ্বাণী, জল্পনা-কল্পনা আৰু তীব্ৰ উদ্বিগ্নতাৰ মাজেৰে দলীয় সমৰ্থক তথা প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে এতিয়া কেৱল দিল্লীৰ সেউজ সংকেতলৈ অপেক্ষা কৰিছে। বুধবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় যদিও সুদীৰ্ঘ চৰ্চাৰ অন্তত নিশা পৰ্যন্ত প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নহ’ল। ইয়াৰ ফলত স্বাভাৱিকতে কৌতূহল আৰু উৎকণ্ঠা দুগুণে বৃদ্ধি পাইছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, বৰ্তমানৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত বিজেপিৰ বাবে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াটো এক জটিল সমীকৰণ হৈ পৰিছে। বিশেষকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা আৰু একেবাৰে শেহতীয়াকৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানে দলটোৰ প্ৰাৰ্থী নিৰ্বাচনৰ পূৰ্বৰ অংকত উল্লেখনীয় আউল লগাইছে। দলৰ অভ্যন্তৰত এফালে বৰ্ষীয়ান তথা একনিষ্ঠ নেতা-কৰ্মী আৰু আনফালে শেহতীয়াকৈ যোগদান কৰা প্ৰভাৱশালী ন-বিজেপি নেতা, এই দুয়োটা পক্ষৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কেন্দ্ৰীয় নেতৃত্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। যাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক চিন্তা-চৰ্চাৰ প্ৰয়োজন হৈছে।

দিল্লীত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকখন প্ৰথমতে বুধবাৰে দিনৰ ভাগতে সম্পন্ন হব বুলি অনুমান কৰা হৈছিল আৰু দিনটোৰ ভিতৰতে প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি সকলোৱে আশা কৰিছিল। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দৰে জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পিছতে দলৰ কৰ্ণধাৰসকলে এক নতুন সমীকৰণ কৰিবলগা হয়। ইয়াৰ পৰিণতিত বৈঠকৰ সময়সীমা যথেষ্ট দীঘলীয়া হয়। মাৰাথন আলোচনা আৰু বিভিন্ন বিষয়ৰ ওপৰত চৰ্চাৰ বাবে নিশাৰ ভাগলৈ প্ৰাৰ্থী তালিকা ঘোষণা নহল যদিও জানিব পৰা মতে, এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ’ব।

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সভাপতিত্বত অনুষ্ঠিত এই হাইপ্ৰফাইল বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষকে ধৰি কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ প্ৰায় আটাইকেইজন সদস্য উপস্থিত থাকে। আনহাতে, অসমৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যিক নেতৃত্বৰ ফালৰ পৰা প্ৰস্তুত কৰা তালিকাখন দাঙি ধৰে। সূত্ৰ অনুসৰি, বৈঠকে পৰামৰ্শ দিয়া নামৰ তালিকাৰ প্ৰতিটো সমষ্টিৰ বিপৰীতে ব্যাপক আৰু পুংখানুপুংখ আলোচনা কৰে। আন এক সূত্ৰৰ দাবী অনুসৰি, এইবাৰ বিজেপিৰ প্ৰাৰ্থী তালিকাত খহনীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বহু নতুন মুখে প্ৰাধান্য পোৱাৰ সম্ভাৱনা প্ৰৱল।

ইফালে, এই গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্টযোগে জানিবলৈ দিয়ে যে বৈঠকত নিৰ্বাচনকেন্দ্ৰিক বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। অৱশ্যে মুখ্যমন্ত্ৰীয়ে বৈঠকত প্ৰাৰ্থী তালিকা চূড়ান্ত হ’ল নে নাই বা এই তালিকা কেতিয়া ঘোষণা কৰা হ’ব, সেই সন্দৰ্ভত কোনো স্পষ্ট ইংগিত প্ৰদান কৰা নাই। মুখ্যমন্ত্ৰীৰ এই ৰহস্যজনক মৌনতাই স্বাভাৱিকতে বিজেপিৰ সমৰ্থক, কৰ্মী তথা বিশেষকৈ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজত উদ্বিগ্নতা আৰু মানসিক চাপ বৃদ্ধি কৰিছে।