NORTHEAST NOW (Assamese)
অসম

এন আৰ চিক লৈ বিজেপি নিজেই confused : ৰিপুণ বৰা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 1, 2019 7:51 pm
APCC Press Meet

এন আৰ চিক লৈ শাসকীয় দল বিজেপি নিজেই বিভ্ৰান্ত। চূড়ান্ত এন আৰ চি সন্দৰ্ভত শাসকীয় দলটোৰ স্থিতিক কটাক্ষ কৰি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

ৰাজীৱ ভৱনত আজি বৰাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধী দলপতিৰ সৈতে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি এন আৰ চি সন্দৰ্ভত আন ভালেকেইটা মন্তব্য কৰে।

বৰাই কয়, “এন আৰ চিৰ পৰা বাদ পৰা সৰহ সংখ্যক লোকেই ভাৰতীয়। পৰিয়ালৰ বাকীসকলৰ আহিলেও এজন দুজনৰ নাম অহা নাই”।

তেওঁ বাদ পৰা সকলো ভাৰতীয়ই যাতে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পায় তাৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে।

“কোনো কাৰণতে এজনো ভাৰতীয়ৰ নাম বাদ পৰিবলৈ দিয়া নহ’ব। আইনী সাহায্য দি তেওঁলোকক দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতা আগবঢ়াম”, কংগ্ৰেছৰ সভানেত্ৰীৰ পৰা এই নিৰ্দেশ পোৱা বুলি জানিবলৈ দি সভাপতি বৰাই কয়।

বাদ পৰাসকলে বিদেশী ন্যায়াধিকৰণত আপীল কৰাৰ সময়সীমা ৬০ দিনৰ পৰা ১২০ দিনলৈ বঢ়াই দিয়া সন্দৰ্ভত বৰাই কয় যে এই সময়ৰ হিচাপটো এন আৰ চিৰ কৰ্তৃপক্ষৰ পৰা জাননী পোৱা দিনৰ পৰাহে ধৰিব লাগে।

এই লোকসকলে কিহৰ ভিত্তিত আপীল কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে বৰাই। এই লোকসকল যাতে দীৰ্ঘদিন অনিশ্চয়তাত থাকিব নালাগে তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে বুলিও চৰকাৰলৈ বৰাৰ আহ্বান।

প্ৰাক্তন সতীৰ্থ হিমন্ত বিশ্বৰ এন আৰ চি সন্দৰ্ভত মন্তব্যক “সাম্প্ৰদায়িক” আখ্যা দি ইয়াক গৰিহণা দিয়ে সভাপতি বৰাই।

“তেওঁ সংবিধান অৱমাননা কৰিছে। মুখ্য মন্ত্ৰী নিমাত কিয়? তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগে”, হিমন্ত সন্দৰ্ভত বৰাৰ মন্তব্য।

তেওঁ অভিযোগ কৰে, বিজেপিয়ে এন আৰ চিক লৈ কেতিয়াও গুৰুত্ব দিয়া নাছিল। তেওঁলোকৰ এন আৰ চি কৰাৰ ইচ্ছাই নাছিল। মুখ্য মন্ত্ৰীয়ে জাতীয় দলিল কোৱাৰ বিপৰীতে এন আৰ চিক নস্যাত কৰিছে দলটোৰ সভাপতি ৰঞ্জিত দাসে। তেওঁলোক নিজেই confused.