শদিয়াৰ এই শয্যাগতা কণমানিক মূৰ তুলি উঠাত আপুনিও সহায় কৰিব পাৰে

১১ বছৰীয়া চানিয়া চাৰ্কি৷ পখিলা খেদাৰ বয়সত শয্যাগতা হৈ আছে তিনিচুকীয়াৰ শদিয়া শান্তিপুৰৰ এই কণমানিজনী।
ছোৱালীজনীৰ দেউতাক আছে– মানুহজন মদাহী আৰু দুখীয়া, আৰু মাক ঢুকাইছে অকালতে।
চাপাখোৱাৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ মতে, তাই কিডনিৰ জটিল ৰোগত আক্ৰান্ত৷
আৰু তাইক উন্নত চিকিৎসাৰ বাবে জৰুৰীভাৱে অধিক সুবিধাযুক্ত চিকিৎসালয়লৈ নিব লাগে। “উন্নত চিকিৎসাত পলম হ’লে তাইৰ অৱস্থা অতি সংকটজনক হ’ব,” চিকিৎসকৰ ভাষ্য।
কিন্তু, ধনৰ অভাৱত চানিয়া এতিয়াও অসামৰিক চিকিৎসালয়খনতে ৰোগশয্যাত পৰি আছে।
অধিক দুৰ্ভাগ্যৰ কথা, বহুদিনৰে পৰা ছোৱালীজনী ঘৰতে বেমাৰত পৰি আছিল যদিও দেউতাকে চিকিৎসালয়লৈ নিয়া নাছিল।
দেউতাকৰ সলনি চানিয়াৰ অইন সম্বন্ধীয় লোকেহে চাপাখোৱাৰ ৰাজহুৱা চিকিৎসালয়ত তাইক ভৰ্তি কৰিছে।
আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ হাতত এতিয়া উন্নত চিকিৎসাৰ বাবে ফুটা কড়ি এটাও নাই৷
আপুনি পাৰিলে, সহায় কৰিব খুজিলে ৬৯০০৭-৮৮৩৭১ আৰু ৮৪৭2৯-৪৭৩৪৪ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।