NORTHEAST NOW (Assamese)

নিজ দলৰে কাৰ্য্যসূচী বিফল কৰিবলৈ জি এছ ৰ’ডত বেহু ৰচনা বিজেপি চৰকাৰৰ

December 19, 2018 1:32 pm · কল্পজ্যোতি শইকীয়া
Updated: December 19, 2018 2:12 pm
অসম বিজেপিৰ ৰাজীৱ ভৱন ঘেৰাও কাৰ্য্যসূচী।

বিৰোধী দলৰ কাৰ্য্যালয় ঘেৰাওৰ দৰে বেআইনী কামৰ পৰা নিজৰ দলৰ নেতা-কৰ্মীক বিৰত ৰাখিবলৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰশাসনে। ইয়াৰ বাবে আজি গুৱাহাটীৰ জি এছ ৰ’ডৰ দুঠাইত বেৰিকেইড দিয়াৰ লগতে কেইবাশও নিৰাপত্তা ৰক্ষী অনৱৰতে সষ্টম হৈ আছে গণেশগুৰিৰ পৰা ৰাজীৱ ভৱন পৰ্য্যন্ত।

উল্লেখযোগ্য যে আজি বিজেপিয়ে দলটোৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাফাল বিমান ক্ৰয় প্ৰক্ৰিয়াত খেলিমেলি কৰা বুলি কংগ্ৰেছৰ অভিযোগ আৰু এই সম্পৰ্কীয় বিতৰ্কৰ প্ৰতিবাদ জনাই সমগ্ৰ দেশতে ৰাজীৱ ভৱন ঘেৰাও কাৰ্য্যসূচী লৈছে।

ইয়াৰ অংশহিচাপে গুৱাহাটীত আজি দলটোৰ নেতা-কৰ্মীসকলে কংগ্ৰেছৰ জি এছ ৰ’ডত থকা ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ আগ বাঢ়িছে। দিচপুৰৰ গোপাল বড়ো হাইস্কুলৰ পৰা সমদল কৰি যোৱা বিজেপিৰ নেতা-কৰ্মীৰ দলটোৱে পুৱা ১১ বজাত ৰাজীৱ ভৱন অভিমুখে যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও, বহুকেইজন শীৰ্ষনেতা সময় উপস্থিত নোহোৱা বাবে প্ৰায় ডেৰ ঘণ্টা পলমকৈ এই সমদল আৰম্ভ কৰিব লগীয়া হয়।

ইপিনে ৰাজ্য চৰকাৰৰ প্ৰশাসন সাজু হৈ আছে যিকোনো অপ্ৰীতিকৰ আৰু আইন-শৃংখলাজনিত পৰিস্থিতি চম্ভালিবৰ বাবে। কেইবাশও নিৰাপত্তা কৰ্মীয়ে ৰাজীৱ ভৱনৰ সন্মুখত অৱস্থান লৈ প্ৰতিৰোধ গঢ়াৰ লগতে জি এছ ৰোডৰ দুঠাইত বেৰিকেইড স্থাপন কৰিছে। তাৰোপৰি ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈকে অনৱৰতে সষ্টম ৰাখিছে নিৰাপত্তাৰক্ষী। জানিব পৰামতে, খ্ৰীষ্টানবস্তিস্থিত হোটেল গে’টৱেৰ ওচৰতে প্ৰতিবাদী সমদলটো ৰোধাৰ বাবে চেষ্টা চলাব প্ৰশাসনে।

Related News