NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি; মোদীৰ নেতৃত্বত জনগণে গণতান্ত্ৰিক মূল্যবোধৰ পৰিৱেশ পাইছে বুলি দাবী সোণোৱালৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 21, 2018 12:57 pm
BJP Manifesto

আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ উন্মোচন কৰা হয়। নিৰ্বাচনী ইস্তাহাৰ উন্মোচনী সভাত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

নিৰ্বাচনী ইস্তাহাৰৰ লগতে দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে দুটা গীতো উন্মোচন কৰে। গীত দুটাত নীল আকাশে কণ্ঠদান কৰিছে।

ইস্তাহাৰ মুকলি কৰা সভাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসমৰ বুকুত স্বচ্ছ আৰু নিকা পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে দলটোৱে চেষ্টা কৰিছে। তেওঁ নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ প্ৰশংসা কৰে।

“মাননীয় প্ৰধান মন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰু অৰুণাচলৰ পৰা গুজৰাটলৈকে দেশৰ ১২৫ কোটি লোকে মৰ্য্যাদাপূৰ্ণ জীৱন পাইছে। দেশবাসীয়ে শক্তিশালী গণতান্ত্ৰিক মূল্যবোধৰ বাতাৱৰণ পাবলৈ সক্ষম হৈছে।” এইদৰে কয় সোণোৱালে।

আনহাতে ইস্তাহাৰ উন্মোচনী সভাৰ ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ বৈশিষ্ট্যপূৰ্ণ উক্তি ‘পাহাৰ-ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ’ৰ পুনৰাবৃত্তি কৰিবলৈ নাপাহৰিলে।

“ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থাত লৈ আমি দুৰ্নীতিমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে নিৰন্তৰ অভিযান চলাই এটা আমূল পৰিৱৰ্তন ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছো।” সোণোৱালে কয়।

দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে আপোনালোকে চালে দেখিব যে কংগ্ৰেছৰ দিনত দিয়া ঘৰবোৰৰ কোনোবাটোৰ চালিখন, কোনোবাটোৰ বেৰকেইখনহে দেখা পাব। “আমি একেই আঁচনিৰ অধীনত ঘৰবোৰৰ  বাবে পূৰ্বৰ ৭৫ হাজাৰ টকাৰ ঠাইত ১.৫ লাখ টকা কৰি দিছো।” ৰঞ্জিত দাসে কয়।

আনহাতে এইবাৰৰ এ পি এছ চিত গ্ৰাম্যাঞ্চলৰ আৰু সাধাৰণ পৰিয়ালৰ পৰা অহা পৰীক্ষাৰ্থীৰ সফলতাৰ আঁৰতো চৰকাৰখনৰ কৃতিত্ব দাবী কৰে। “এইবাৰ আনকি ডিমা হাচাওৰ পৰা একেবাৰে সাধাৰণ পৰিয়ালৰ ১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা পাইছে। গতিকে গ্ৰাম্যাঞ্চলৰ মানুহে জানে আমি কি কৰি আছো।” দাসে কয়।