NORTHEAST NOW (Assamese)

গণতন্ত্ৰ ধ্বংস কৰা কংগ্ৰেছৰ মুখত আকৌ গণতন্ত্ৰ বচোৱাৰ ৰাম নাম: বিজেপি

July 27, 2020 7:14 pm · কল্পজ্যোতি শইকীয়া

কংগ্ৰেছৰ মুখত “গণতন্ত্ৰ ৰক্ষা কৰা অভিযানৰ কথা শোভা নাপায়। তেওঁলোকৰ মুখত গণতন্ত্ৰ ৰক্ষা কৰাৰ কথা শুনি স্তম্ভিত হৈছো। গণতন্ত্ৰ ধ্বংস কৰা লোকৰ মুখত ৰাম নাম।”

কংগ্ৰেছৰ গণতন্ত্ৰ ৰক্ষা কৰাক লৈ হোৱা প্ৰতিবাদৰ পাছত শাসকীয় বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত কলিতাই সোমবাৰে এইদৰে কয়।

ইপিনে, যোৱা ২১ বছৰে একেৰাহে কংগ্ৰেছ দলক নেতৃত্ব দি অহা ছোনিয়া গান্ধীয়ে শোষণ আৰু নিপীড়ণ চলাই আহিছে বুলি অভিযোগ কৰি কলিতাই কয়, “যিটো দলৰ নেত্ৰীয়ে ন্যায়ালয়ৰ ৰায়ৰ বাবে নিজৰ চকী লৰচৰ হ’ব বুলি ভাবি সমগ্ৰ দেশতে দমন আৰু উৎপীড়ন চলালে, বিৰোধী ৰাজনৈতিক তথা বুদ্ধিজীৱী আৰু সাংবাদিকক পোতাশাললৈ নিক্ষেপ কৰিলে।”

ইয়াৰোপৰি তেওঁ কয় “কংগ্ৰেছে কেৱল নিজৰ ৰাজনৈতিক গুৰুত্ব বঢ়াবলৈকে  ভিত্তিহীন আৰু সস্তীয়া শ্লোগান আওৰাইছে। শংকিত হৈ তেওঁলোকে দিনতে ৰাতি দেখিবলৈ লৈছে।”

ইপিনে, পঞ্চায়তী ৰাজ ব্যৱস্থাত বিজেপিয়ে কংগ্ৰেছতকৈ বেছি ধন আবন্টন দিয়া বুলি দাবী কৰি লগতে কয়, “কংগ্ৰেছে ২ৰ পৰা ৩ লাখ পঞ্চায়ত ব্যৱস্থালৈ আগবঢ়াই গণতন্ত্ৰক প্ৰহসনত পৰিণত কৰিছিল। কিন্তু মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে পঞ্চায়তী ব্যৱস্থাত ১ কোটিৰ পৰা ৩ কোটিলৈকে আৱন্তন কৰি গণতন্ত্ৰক তৃণমূল পর্যায়লৈকে লৈ যাবলৈ সক্ষম হৈছে।”

ইয়াৰোপৰি, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নেতৃত্বই বিজেপিৰ সাধাৰণ কৰ্মী কি স্থানত অধিষ্ঠিত হৈছে সেয়া প্ৰমাণ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

ইপিনে, একেটা প্ৰসংগতে প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ মেডিয়া বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে কয় “নৰসিংহ ৰাওৰ দিনত সাংসদ, বিধায়কক কংগ্ৰেছে কিনা-বেচা কৰিছিল।”

ইয়াৰোপৰি তেওঁ কয়, “মহানগৰীত ১৪৪ ধাৰা চলি থকাৰ পাছতো কংগ্ৰেছে নিয়ম ভংগ কৰি শতাধিক লোক সমবেত কৰিলে। তেওঁলোকে ক’ৰ’ণাৰ এই ভয়ংকৰ গণ সংক্ৰমণৰ সময়ত জনসাধাৰণক সজাগ কৰাৰ পৰিবৰ্তে বহু লোক একেলগে সমবেত কৰাই বিপথেহে পৰিচালিত কৰিলে।”

Related News