NORTHEAST NOW (Assamese)

পতঞ্জলিৰ বাৰালৰ পিছত বিজেপিৰ আৱালে দিলে শংকৰদেৱক সাঙুৰি তুলুঙা মন্তব্য

December 14, 2018 6:03 pm · কল্পজ্যোতি শইকীয়া
Updated: December 14, 2018 9:24 pm
অসম বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱালৰ সংবাদ মাধ্যমৰ আগত মন্তব্য।

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা অসমৰ সমাজ জীৱনৰ নমস্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আগত এইবাৰ মুকলিকৈ তুলুঙা মন্তব্য কৰিলে বিজেপিৰ এগৰাকী ৰাজ্যিক মুখপাত্ৰই।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মুমিনুল আৱালে অসমীয়া গুৰুজনাৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নথকা সত্ত্বেও তেওঁক কংগ্ৰেছৰ নামৰ সৈতে সাঙুৰি আজি তাচ্ছিল্যসূচক মন্তব্য কৰে।

আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত সাংবাদিকক পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পৰ্কত মত দিছিল বিজেপিৰ মুখপাত্ৰজনে।

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলক লৈ তুলুঙা মন্তব্য কৰিবলৈ গৈ মুমিনুলে প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এষাৰি বাণী আওৰায়। তেওঁ কয়, “শংকৰদেৱে কৈছিল ‘যাহা যাহা পানী তাহা তাহা মাছ’। কিন্তু আজি শংকৰদেৱ জীয়াই থকাহেঁতেন তেওঁ  ‘যাহা যাহা মুছলমান তাহা তাহা কংগ্ৰেছ’ বুলি ক’লেহেঁতেন।”

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে সংখ্যালঘুপ্ৰধান অঞ্চলবোৰত অধিক আসন পোৱা বুজাবলৈ গৈ এইদৰে কয়। কিন্তু তাৰ বাবে শংকৰদেৱৰ মুখৰ এষাৰ বাণীক বিকৃত কৰাটোৱে বহুতৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গুৰুজনাক সাঙুৰি এইদৰে তুলুঙা মন্তব্য কৰাটো মুঠেই গ্ৰহণযোগ্য কথা নহয় বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ আৱালৰ এই মন্তব্য গুৰুজনাৰ প্ৰতি চৰম অপমানসূচক বুলি মন্তব্য কৰে।

“গুৰুজনাৰ বাণীসমূহৰ উদ্দেশ্য আছিল অসমীয়া সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰখা। তেওঁ সমাজলৈ একতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল।”

“পানী নাথাকিলে মাছ জীয়াই নাথাকিব, সেই কথাষাৰ সাধাৰণ লোকক বুজাবৰ বাবে শংকৰদেৱে কৈছিল।” এইদৰে কয় শইকীয়াই।

আনহাতে, আৱালে কৰা ‘য’ত মুছলমান ত’ত কংগ্ৰেছ’ এই মন্তব্যক ‘সাম্প্ৰদায়িক’ আখ্যা দি শইকীয়াই লগতে কয়, “আৱালে এই মন্তব্যৰ জৰিয়তে অসমৰ মহাপুৰুষজনাক অপমান কৰিব বিচাৰিছে। যিগৰাকী মহাপুৰুষৰ শিষ্য নগা, ডফলা, মিৰি, মুছলমান আদিকে ধৰি  সকলো সম্প্ৰদায়ৰে আছিল। মুছলমন চান্দসাঁয়ো শংকৰদেৱৰে শিষ্য আছিল।”

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বে দৰং জিলাত অনুষ্ঠিত হোৱা যোগ প্ৰশিক্ষণ শিবিৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কেন্দ্ৰ কৰি যোগগুৰু বুলি চিনাকি দিয়া পতঞ্জলিৰ সতীনাথ বাৰালে বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পাছতেই সমগ্ৰ অসমতে ক্ষোভৰ জুই জ্বলিছিল আৰু অৱশেষত দৰং আৰক্ষীয়ে অভিযান চলাই কলকাতাৰ পৰা বৰালক গ্ৰেপ্তাৰ কৰিছিল।

Related News