NORTHEAST NOW (Assamese)

দিখৌ নৈৰ দুৰ্ঘটনাৰ পিছতে উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত ডুবিল নাও; দুৰগৰাকী ছাত্ৰী, এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

September 5, 2018 3:15 pm · এন ই নাও নিউজ
Updated: September 5, 2018 7:40 pm

শিৱসাগৰ জিলাৰ দিখৌ নৈত দুৰ্ঘটনাত পতিত হৈ একেটা পৰিয়ালৰে পাঁচজনকৈ সদস্য নিহত হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি পুনৰ উত্তৰ গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা।

আজি দিনৰ ভাগত উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত এখন যাত্ৰীবাহী যন্ত্ৰচালিত নাও দুৰ্ঘটনাত পতিত হয়। প্ৰাপ্ত তথ্য মতে অশ্বক্লান্ত মন্দিৰৰ সমীপত জাইকাৰ প্ৰকল্পত খুন্দা খাই দুৰ্ঘটনাত পতিত হয় নাওখন।

আনহাতে যাত্ৰীবাহী নাওখনত ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাই ১৫ জন যাত্ৰীক উদ্ধাৰ কৰে।

আনহাতে বাকী ২৫ জনক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

শেহতীয়াকৈ পোৱা তথ্য মতে নাও দুৰ্ঘটনাস্থলীৰ পৰা এজন যুৱক আৰু এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। মৃত যুৱকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আনহাতে মৃত ছাত্ৰী গৰাকী অংকিতা বৰুৱা(১৭), কটন কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। লগতে নিহত ছাত্ৰী গৰাকী উত্তৰ গুৱাহাটীৰ শিলাসাকো গাঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে। তাৰোপৰি ডিম্পী দাস নামৰ আন এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে বৰ্তমান জিলা প্ৰশাসনে ০৩৬১-২৭৩৩০৫৩ আৰু ০৩৬১-২৬৮৪৪০৭ নম্বৰৰ দুটাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তাৎক্ষণিক অনুসন্ধাৰ বাবে নিৰ্দেশ দিছে।

Related News