NORTHEAST NOW (Assamese)

বৰপেটাত জাৱৰৰ দমত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ

June 12, 2024 6:36 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বৰপেটা জিলাত এৰটা জাৱৰৰ দমৰ মাজত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ।

বৰপেটাৰ গান্ধীনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

স্থানীয় আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এহাল দম্পতীয়ে নৱজাতকটিক জাৱৰৰ মাজত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ঘটনা সম্পৰ্কে সবিশেষ তদন্ত চলি আছে।

Related News