NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিব অসমৰ লাভলীনাই

March 9, 2020 7:48 am · এন ই নাও নিউজ
Updated: March 9, 2020 7:49 am

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। জৰ্দানৰ ৰাজধানী আমানত অনুষ্ঠিত অলিম্পিকৰ যোগ্যতা অৰ্জন মেচৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি তেওঁ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।

দেওবাৰে লাভলীনাই আমানত চলি থকা প্ৰতিযোগিতাৰ ৬৯ কেজিৰ কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বী মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ (১০ মাৰ্চ) লাভলীনাই চীনৰ প্ৰতিদ্বন্দী গু হঙৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা তৃতীয়গৰাকী বক্সাৰ। যোগ্যতা অৰ্জন কৰা আন দুগৰাকী বক্সাৰ হৈছে মহিলাৰ ৭৫ কেজি শাখাত পুজা ৰাণী আৰু পুৰুষৰ ৬৯ কেজি শাখাত বিকাশ কৃষ্ণন।

উল্লেখযোগ্য যে ২২ বছৰীয়া অসম কন্যা লাভলীনা বৰগোঁহাইৰ বাবে এইটো হ’ব প্ৰথমটো অলিম্পিক যাত্ৰা। এই বৰ্ষৰ জুলাই আৰু আগষ্টত জাপানৰ ৰাজধানী টকিঅ’ত অলিম্পিক গে’মছ অনুষ্ঠিত হ’ব।

Related News