NORTHEAST NOW (Assamese)
Popular Stories

মেকানিকেল প’ট্ৰেইট সৃষ্টি কৰি ‘এছিয়া বুক অৱ ৰেকৰ্ডছ’ত অন্তৰ্ভুক্ত অসমৰ যুৱকৰ নাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 8:37 am

মেকানিকেল প’ট্ৰেইট সৃষ্টি কৰি অসমৰ এজন যুৱকৰ নাম অন্তৰ্ভুক্ত হৈছে এছিয়া বুক অৱ ৰেক’ৰ্ডছত।

ধুবুৰীৰ ৰাহুল পাৰিখ নামৰ ২১ বছৰীয়া যুৱকজনে লাভ কৰিছে এই কৃতিত্ব।

পাৰিখে উদ্ভাৱনীমূলক  মেকানিকেল প’ট্ৰেইটত অসসৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি নিৰ্মাণ কৰি উলিয়াইছে কম্পিউটাৰৰ মাডাৰ বোডেৰে।

এই প’ট্ৰেইটৰ বাবেই ৰাহুল পাৰিখৰ নাম অন্তৰ্ভুক্ত হৈছে এছিয়া বুক অৱ ৰেকৰ্ডছত।

ইয়াৰ পূৰ্বে পাৰিখে পেলনীয়া তথা অলাগতিয়াল কম্পিউটাৰ মাডাৰ বোৰ্ড, মোবাইল ফোন, ৱায়াৰ আদিৰে বিৰাট কোহলি, মহাত্মা গান্ধী আৰু অক্ষয় কুমাৰৰ মেকানিকেল প’ট্ৰেইট সৃষ্টি কিৰিছল।

উল্লেখ্য যে এই উদ্ভাৱনীমূলক সৃষ্টিৰ বাবে ২০১৯ চনত ৰাহুল পাৰিখৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তভুৰ্ক্ত হৈছিল।