NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটী প্ৰেছ ক্লাবত কবি মনহৰি বায়ন আৰু কবি হিল্লোলজ্যোতি সিংহৰ কাব্য সংকলন উন্মোচন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2025 7:30 pm

‘লীনা দুৱৰাক লগ পোৱা যাবনে’ শীৰ্ষক কবিতাৰে এসময়ত অসমীয়া কবিতাৰ মননশীল পাঠকক আলোড়িত কৰি ৰখা কবি মনহৰি বায়নৰ ‘তাৰানাথ গুচি যায়’ আৰু অসমৰ এগৰাকী চিনাকি পৰিবেশ কৰ্মী-প্ৰাণীবিজ্ঞানী কবি হিল্লোলজ্যোতি সিংহৰ ‘জীৱন কিদৰে জুখিলোঁ তোক’ শীৰ্ষক কাব্যগ্ৰন্থ দুখন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচিত হয়।

অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী যথাক্ৰমে ‘সম্প্ৰীতি প্ৰকাশন’ আৰু ‘প্ৰজ্ঞা মিডিয়া হাইপ’-এ প্ৰকাশ কৰি উলিওৱা কাব্যগ্ৰন্থদুখন উন্মোচন কৰে যথাক্ৰমে কবি লুটফা হানুম ছেলিমা বেগম, কবি-অধ্যাপক প্ৰাণজিৎ বৰা, লেখক-অধ্যাপক ড° হেমন্ত ডেকা, লেখক-অধ্যাপক ড° ৰাতুল ডেকা আৰু লেখক-আবৃত্তিকাৰ হেমেন দাসে।

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বৈভৱী স্বৰূপাৰ ভায়োলিন বাদনেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মনহৰি বায়নৰ ‘তাৰানাথ গুচি যায়’ শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰি কবি লুটফা হানুম ছেলিমা বেগমে কয় যে মনহৰি বায়নৰ কবিতাৰ ভাষা সাৱলীল আৰু পৰিশীলিত। তেওঁৰ কবিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয় পঠনত কবিগৰাকীক বাৰে বাৰে আৱিষ্কাৰ কৰাৰ অৱকাশ পোৱা যায়। মনহৰি বায়নে কবিতাৰে অসমীয়া গ্ৰাম্যজীৱনৰ শিপাৰ গভীৰতাক বিস্তাৰিতভাবে আগবঢ়াই লৈ গৈছে। একেদৰে কবি হিল্লোলজ্যোতি সিংহৰ ‘জীৱন কিদৰে জুখিলোঁ তোক’ কাব্যগ্ৰন্থখনৰ সন্দৰ্ভত লেখক-অধ্যাপক ৰাতুল ডেকাই তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰে যে ইতিহাসৰ পাতত সাধাৰণ মানুহৰ জীৱন সংগ্ৰাম সদায়ে উপেক্ষিত হৈ অহাৰ সময়ত কবি হিল্লোলজ্যোতি সিংহৰ কবিতাত সততে প্ৰতিফলিত হোৱা সাধাৰণ মানুহৰ জীৱন সংগ্ৰামৰ দৃশ্যায়ণ বিশেষভাৱে গুৰুত্বপূৰ্ণ।

একেদৰে লেখক-অধ্যাপক হেমন্ত ডেকাই কয় যে মনহৰি বায়নৰ কবিতাত যিদৰে লোক-জীৱনৰ অনুষংগ বিচাৰি পোৱা যায়, ঠিক সেইদৰে হিল্লোলজ্যোতি সিংহই কবিতাত ভাষাৰ পোনপটীয়া আৰু সাৱলীল উপস্থাপনেৰে দৃশ্য একোটাক এনেকৈ দৃশ্যায়িত কৰে যি মুহূৰ্ততে কবিয়ে ক’ব খোজা কথা বা ঘটনাটোক পাঠকৰ ওচৰত নতুনকৈ উন্মোচিত কৰে।

অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট কবি-অধ্যাপক প্ৰাণজিৎ বৰাই কিতাপ প্ৰকাশৰ খবৰে সদায়ে উৎসাহিত কৰে বুলি উল্লেখ কৰি তাৎপৰ্যপূৰ্ণভাৱে কয় যে কিতাপে এটা জাতিৰ সংস্কৃতি আৰু সংস্কাৰক কাললৈ কঢ়িয়াই লৈ যায়। ‘প্ৰজ্ঞা মিডিয়া হাইপ’-ৰ স্বত্বাধিকাৰী উজ্জ্বল বৰাই আঁত ধৰা অনুষ্ঠানটিত লেখক-আবৃত্তিকাৰ হেমেন দাসে দুয়োগৰাকী কবিলৈ শুভেচ্ছা জনাই তেওঁলোকৰ সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্যৰ চোতালত সুকীয়া চানেকি ৰাখি যাব বুলি আশা ব্যক্ত কৰে। আবৃত্তিকাৰ লোকাশিস বায়নৰ আবৃত্তি, কবি প্ৰশান্ত ৰাভা আৰু কবি হিমাংশু ভাগৱতীয়ে দুয়োগৰাকী কবিৰ একোটাকৈ কবিতা পাঠ কৰি অনুষ্ঠানটিত উপস্থিত থকা কাব্যৰসিকক আপ্লুত কৰে।