NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিলে অসমৰ ব্যৱসায়ীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2024 12:08 pm

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিলে অসমৰ এজন ব্যৱসায়ীক।

খবৰ অনুসৰি অসমৰ কৰিমগঞ্জ জিলাৰ আব্দুল কায়ুম তালুকদাৰক নাগালেণ্ডৰ ডিমাপুৰ জিলাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে।

শুকুৰবাৰে (০৭ জুন) গভীৰ নিশা সংঘটিত হয় এই ঘটনা।

লগতে পঢ়কঃ টী-২০ বিশ্বকাপত আফগানিস্তানৰ চমক; নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত কৰি আৰম্ভ কৰিলে যাত্ৰা

নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ নিউ মাৰ্কেট এলেকাত সংঘটিত হয় এই ঘটনা। অভিয়োগ অনুসৰি, দুৰ্বৃত্তই পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা বুকুত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনাস্থলীতে তালুকদাৰক মৃত বুলি ঘোষণা কৰা হয়। এই ঘটনাৰ অধিক তদন্ত অব্যাহত আছে।