NORTHEAST NOW (Assamese)

অসম: উপ-নিৰ্বাচন ২০২২ ৰ ফলাফল লাইভ — মাজুলীত আগবাঢ়ি আছে বিজেপি

March 10, 2022 10:54 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 10, 2022 11:42 am

বৃহস্পতিবাৰে পুৱা ৮ বজাত অসমৰ মাজুলী (এছ টি) সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হয়।

গণনা আৰম্ভ হোৱাৰ লগে লগে সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ভুৱন গাম আৰু অসম জাতীয় পৰিষদ (এজেপি) কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলৰ যুটীয়া মনোনীত প্রাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ ওপৰত।

দিনৰ ১১.৪০ বজালৈ বিজেপিৰ ভুৱন গাম ২২, ৭৩৯ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।
মাজুলীত সপ্তম পৰ্যায়ৰ গণনাৰ শেষত নোটা ভোটৰ সংখ্যা হৈছে ৫২৫ ।

ৰাজনৈতিক পৰ্যবেক্ষকসকলে মন্তব্য কৰা অনুসৰি বিজেপিৰ মনোনীত প্ৰৰ্থী ভুৱন গামৰ জয়লাভৰ সম্ভাৱনাই অধিক।

লগতে চাওঁকপাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল লাইভ

২৭ ছেপ্টেম্বৰত ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ পিছত সমষ্টিটোত উপ- নিৰ্বাচনৰ প্ৰয়োজন হৈছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ২০১৬ আৰু ২০২১ চনত একেৰাহে দুটা কাৰ্যকালৰ বাবে মাজুলী সমষ্টিৰ পৰা বিধান সভালৈ নিৰ্বাচিত হৈছিল।

Related News