NORTHEAST NOW (Assamese)

কিমান স্পীডত গাড়ী চলাব আপুনি? কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

February 10, 2022 8:21 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

ৰাজ্য চৰকাৰৰ কেবিনেটত আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দুৰ্ঘটনা ৰোধৰ বাবে কোন পথত কিমান গতিবেগ ৰাখিব সেই সন্দৰ্ভত বাহনৰ স্পীড লিমিটৰ ক্ষেত্ৰত লোৱা হয় কেতবোৰ সিদ্ধান্ত।

সিদ্ধান্ত অনুসৰি নন ট্ৰেন্সপৰ্ট বাহনৰ ক্ষেত্ৰত চাৰিলেনযুক্ত পথত সৰ্বোচ্চ ১০০ কি.মি. গতিবেগত, লোক নিৰ্মাণ বিভাগৰ পথত ৭০ কি:মি:, আৰু পৌৰ এলেকাৰ পথত সৰ্বোচ্চ ৬০ কি:মি: স্পীডত যাব পাৰিব।

লগতে পঢ়ক: গুণমুগ্ধৰ অন্তিম শ্ৰদ্ধাঞ্জলি: নৱগ্ৰহত পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ নশ্বৰ দেহ

ট্ৰেন্সপৰ্ট মটৰ বাহনৰ ৮ গৰাকীলৈকে যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত চাৰিলেনযুক্ত পথত সৰ্বোচ্চ ৮০ কি.মি. গতিবেগত, লোক নিৰ্মাণ বিভাগৰ পথত ৬০ কি:মি:, আৰু পৌৰ এলেকাৰ পথত সৰ্বোচ্চ ৫০ কি:মি: স্পীডত যাব পাৰিব।

৯ গৰাকী যাত্ৰী বা তাতকৈ অধিক যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত চাৰিলেনযুক্ত পথত সৰ্বোচ্চ ৭০ কি.মি. গতিবেগত, লোক নিৰ্মাণ বিভাগৰ পথত ৬০ কি:মি:, আৰু পৌৰ এলেকাৰ পথত সৰ্বোচ্চ ৪০ কি:মি: স্পীডত যাব পাৰিব।

লগতে পঢ়ক: অসমৰ ভুৱা এনকাউন্টাৰ,মানৱ অধিকাৰ উলঙ্ঘন অৱশেষত সঁচা প্ৰমাণিত হ’ল; দাবী ডঃ দিব্যজ্যোতি শইকীয়াৰ

এই সিদ্ধান্ত ল’লেও জনমতৰ বাবে ১৫ দিন সময় মুকলি কৰি দিয়া হ’ব যাতে সকলোৱে নিজৰ মত দাঙি ধৰিব পাৰে। 

Related News