ৰাজ্যিক কেবিনেটে আজি কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে? চাওক সিদ্ধান্তসমূহ

ৰাজ্যিক কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়।
বৈঠকৰ অন্তত তথ্য-জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই এক সংবাদমেল যোগে সিদ্ধান্তসমূহ সদৰী কৰে।
আজি লোৱা কেবিনেট সিদ্ধান্তসমূহ ক্ৰমে :
*অসমৰ পৰা “ৰাজহ নগৰ” শব্দটো নাইকিয়া হ’ব। যিসমূহ নগৰত পৌৰসভা নাই সেইসমূহক ৰাজহ নগৰ বুলি এতিয়াৰে পৰা ধৰা নহয়। উদাহৰণস্বৰূপে, শিলঘাট, কলিয়াবৰ, জাগীৰোড, ধূপধৰা, কৃষ্ণাই, পানীতোলা ইত্যাদি।
লগতে পঢ়ক: হাজো আৰক্ষীৰ জালত ৭ জনীয়া কুখ্যাত বাইক চোৰৰ গেং
*ৰাজহ নগৰ নাইকীয়া হোৱাৰ ফলত মাটিৰ প্ৰিমিয়ামৰ পৰিমাণ কমি যাব। প্ৰিমিয়াম বেছি হোৱাৰ কাৰণে বহু লোকে মাটিৰ পট্টা ল’ব পৰা নাছিল। যাৰ ফলত বাসিন্দাসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল।
*এই নগৰ সমূহত এতিয়াৰে পৰা পেৰিফেৰিয়েল এৰিয়া (সীমান্তৱৰ্তী অঞ্চল!) নাথাকিব।
*পঞ্চায়ত এলেকাৰ দোকানসমূহত আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে ট্ৰেড লাইচেন্স (বাণিজ্যিক অনুজ্ঞাপত্ৰ) নালাগে। স্কুল, দেশী-বিদেশী, সুৰাৰ বিপনী, নাৰ্চিং হোম, ইটা ভাটাৰ বাবে ট্ৰেড লাইচেন্স লাগিব।
*বিল্ডিং নিৰ্মাণৰ বাবেও পঞ্চায়তৰ পৰা অনুমতি ল’ব নালাগে।
*কোনো উদ্যোগৰ শ্ৰমিকসকলৰ এতিয়াৰে পৰা অনলাইন পঞ্জীয়ন থাকিব লাগিব। ৪০ বছৰৰ ওপৰৰ সকলো শ্ৰমিকৰ বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।
*শ্ৰমিকৰ সুৰক্ষাৰ বাবে ১০০ জনতকৈ অধিক শ্ৰমিক থকা কোম্পানীৰ একোখনকৈ কমিটি থাকিব লাগিব।
লগতে পঢ়ক:ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ৰাজধানী কিয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ
*পৌৰ নিগমৰ নিৰ্বাচন ই ভি এম মেচিনত হ’ব।
* বানপানী, ধুমুহা বা অন্য প্ৰাকৃতিক দুৰ্য্যোগৰ বাবে বাজেটত আগতীয়াকৈ ধন ধাৰ্য কৰা নহয়। কিন্তু কন্টিজেন্সি ফাণ্ডৰ (আকস্মিক প্ৰয়োজনীয়তা) বাবে ২০০ কোটিৰ পৰা ২০০০ কোটিলৈ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।