NORTHEAST NOW (Assamese)
অসম

তিনিদিন ধৰি বন্ধ থাকিব চানমাৰী উৰণীয়া সেঁতু : কোন পথেৰে অহা যৱা কৰিব যাত্ৰীসকলে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2025 3:45 pm
তিনিদিন ধৰি বন্ধ থাকিব চানমাৰী উৰণীয়া সেঁতু : কোন পথেৰে অহা যৱা কৰিব যাত্ৰীসকলে?

তিনিদিন বন্ধ থাকিব চানমাৰী উৰণীয়া সেঁতু। উৰণীয়া সেঁতুখনৰ মেৰামতিৰ বাবে বন্ধ কৰা হ’ব বুলি জাননী জাৰি কৰিছে লোক নিৰ্মাণ বিভাগে।

নিউ গুৱাহাটী টেৰিটৰিয়েল ৰোড ডিভিজনৰ কাৰ্যবাহী অভিযন্তাৰ এক আনুষ্ঠানিক অধিসূচনাৰ মতে, গুৱাহাটী কমাৰ্চ কলেজ ট্ৰেফিক পইণ্ট আৰু চান্দমাৰী ট্ৰেফিক পইণ্টৰ মাজৰ ফ্লাই অভাৰ খন ১৩, ১৫, আৰু ১৭ অক্টোবৰ তাৰিখে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব।

এই সময়ছোৱাত ৰাজগড় পূব শৰণীয়া ৰোড, এম টি ৰোডবামুনিমৈদান ৰেলৱে কলনী ৰোড, মঠঘৰীয়ানুনমাটি ৰোড, কৃষ্ণগড়মিলনপুৰ ৰোডকে ধৰি বিকল্প পথেৰে সকলো যান-বাহন অহা-যোৱা কৰিব লাগিব।

যাত্ৰীসকলক আগতীয়াকৈ যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু যান-বাহনৰ নীতি সমূহ অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে।