NORTHEAST NOW (Assamese)
Popular Stories

গাঞ্জা বৈধ কৰক; বিজেপি নেতাৰ প্ৰধান মন্ত্ৰী মোদীলৈ চিঠি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 3:52 pm

ত্ৰিপুৰাত গাঞ্জা বৈধ কৰাৰ আহ্বান জনাই ত্ৰিপুৰাৰ এগৰাকী বিজেপি নেতাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। জাগৰণ মঞ্চৰ প্ৰতিষ্ঠাতা বিজেপি নেতাজনৰ নাম প্ৰসেনজিত চক্ৰবৰ্তি।

প্ৰাপ্ত তথ্য মতে চক্ৰবৰ্তি ত্ৰিপুৰাৰ এজন প্ৰভাৱশালী আৰ এছ এছ কেডাৰ। জাগৰণ মঞ্চৰ হৈ তেওঁ প্ৰধান মন্ত্ৰীলৈ উক্ত পত্ৰখন প্ৰেৰণ কৰে।

পত্ৰখনত চক্ৰবৰ্তিয়ে ঔষধি গছ হিচাপে গাঞ্জাৰ যথেষ্ট গুণ আছে বুলি উল্লেখ কৰে।

‘প্ৰাচীন কালত ইয়াক আয়ুৰ্বেদিকত ব্যৱহাৰ কৰা হৈছিল। একাংশ লোকে ইয়াক নিচা কৰাৰ বাবে ব্যৱহাৰ কৰে যদিও ঔষধি গছ হিচাপে ইয়াৰ উপকাৰিতাক উপেক্ষা কৰিব নোৱাৰি।‘ পত্ৰখনত তেওঁ লগতে কয়।

তেওঁ আৰু কয়, ‘NDPS আইনখন উন্নীত কৰিব লাগে আৰু ঔষধ সম্বন্ধীয় উদ্দেশ্যত গাঞ্জা বৈধ কৰিব লাগে।‘