NORTHEAST NOW (Assamese)
Popular Stories

মাইক্ৰছ’ফ্ট কোম্পানীৰ পৰিচালন বোৰ্ডৰ সঞ্চালক পদ এৰিলে বিল গেটছে; পিছে কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 3:17 pm
Germany_Security_Conf_Mukh_1

শুকুৰবাৰে (আমেৰিকাৰ স্থানীয় সময় অনুসৰি) মাইক্ৰ’ছফ্ট কোম্পানীৰ সহ-প্ৰতিষ্ঠাতা বিল গেটছে প্ৰতিষ্ঠানটোৰ পৰিচালন বোৰ্ডৰ সঞ্চালক পদৰ পৰা অব্যাহতি লৈছে।

উল্লেখ্য যে ১৯৭৫ চনত প’ল এলেনৰ সৈতে লগ যুটীয়াভাৱে বিল গেটছে মাইক্ৰ’ছফ্ট প্ৰতিষ্ঠা কৰিছিল। তেওঁ ২০০০ চনলৈকে উক্ত প্ৰতিষ্ঠানটোৰ চি ই অ’ হিচাপে কাৰ্যনিৰ্বাহো কৰি আছিল।

বাতৰিৰ মতে বিল গেটছে পৰকল্যাণকামী কামত মনোনিৱেশ কৰিবলৈ বিশেষকৈ গ্ল’বেল স্বাস্থ্য সেৱা আৰু শিক্ষাৰ প্ৰসাৰত অধিক সময় দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

মাইক্ৰ’ছফ্টৰ বৰ্তমানৰ চি ই অ’ সত্য নাডেল্লাই কৈছে যে গেটছে পৰিচালন বোৰ্ডৰ সঞ্চালকৰ পৰা অব্যাহতি ল’লেও প্ৰতিষ্ঠানটোৰ এজন পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই যাব।

উল্লেখ্য যে ২০০৮ চনৰ পৰা বিল গেটছে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনত অধিক সময় মনোনিৱেশ কৰি আহিছে।