NORTHEAST NOW (Assamese)
অসম

হিমাক ১ কোটি ৬০ লাখ টকাৰ চে’ক প্ৰদান মুখ্য মন্ত্ৰীৰ; দিব ক্ৰীড়া বিভাগৰ বিষয়াৰ চাকৰি

Posted by: এন ই নাও নিউজ September 7, 2018 8:14 pm

দুদিনমানৰ ভিতৰতে নিজৰ ব্যতিক্ৰমী প্ৰতিভাৰে বিশ্বমানৰ তাৰকাত পৰিণত হোৱা হিমাক আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১ কোটি ৬০ লাখ টকাৰ চে’ক প্ৰদান কৰে।

লগতে মুখ্য মন্ত্ৰীয়ে তাৰকাগৰাকীক ক্ৰীড়া বিভাগৰ বিষয়াৰ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়ে।

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত এই ঘোষণা কৰিছে মুখ্য মন্ত্ৰীয়ে।

আনহাতে অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও হিমাক নিৰ্বাচন কৰিছে চৰকাৰে। ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছাদৰ হিমাই প্ৰতি বছৰে লাভ কৰিব ১৫ লাখকৈ টকা।

উল্লেখযোগ্য যে অলপতে ইণ্ডোনেছিয়াত সমাপ্ত হোৱা এছিয়ান গেইমছত হিমাই এটা সোণৰ আৰু দুটা ৰূপৰ পদক জিনিছিল। কেৱল অসম নহয়, গোটেই ভাৰতৰ বাবেই ব্যতিক্ৰম সফলতা আনি দিছিল নগাৱঁৰ ধিং অঞ্চলৰ অষ্টাদশীগৰাকীয়ে।