NORTHEAST NOW (Assamese)
দেশ

তিস্তা চেতলৱাদলৈ অন্তৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2022 9:35 pm
Teesta Setalvad

যোৱা জুন মাহত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা মানৱ অধিকাৰ তথা সমাজকৰ্মী তিস্তা চেতলৱাদক আজি অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। চেতলৱাদক ২৫ জুনত গুজৰাট ৰাজ্যিক আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছিল।

শীৰ্ষ আদালতৰ ৰায়ৰ পিছতো ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত পুনৰ গোচৰৰ বাবে প্ৰমাণ সংগ্ৰহ কৰাৰ অভিযোগত মানৱ অধিকাৰ কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

চেতলৱাদক জামিন প্ৰদান কৰি মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, সুধাংশু ধুলিয়াৰে গঠিত বিচাৰপীঠে আৰক্ষীয়ে ইতিমধ্যে চেতলৱাদক জেৰাৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিছে বুলি উল্লেখ কৰি জামিন প্ৰদান কৰে।

গুজৰাট উচ্চ ন্যায়ালয়ক চূড়ান্ত জামিন আবেদনৰ সিদ্ধান্ত ল’বলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যদিও শনিবাৰৰ ভিতৰত তেওঁক মুকলি কৰি দিয়া হ’ব বুলি নিশ্চিত কৰিছে শীৰ্ষ আদালতে।

গুজৰাট উচ্চ ন্যায়ালয়ে ১৯ ছেপ্টেম্বৰত তিস্তা চেতলৱাদৰ জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে আজি উচ্চ ন্যায়ালয়ে এই গোচৰত অন্তৱৰ্তীকালীন জামিনৰ বিবেচনা কৰা উচিত আছিল বুলি মন্তব্য কৰি সমাজ অধিকাৰ কৰ্মীগৰাকীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

অৱশ্যে অন্তৱৰ্তীকালীন জামিন লাভ কৰিলেও চেতলৱাদৰ বিপক্ষে ৰুজু হোৱা এজাহাৰৰ বাতিল তথা নিয়মীয়া জামিনৰ বাবে দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ত অব্যাহত থাকিব বুলি শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে চেতলৱাদ আৰু জাকিয়া জাফৰীয়ে দাখিল কৰা আবেদন নাকচ কৰাৰ মাত্ৰ দুদিন পিছত চেতলৱাদক গ্ৰেপ্তাৰ কৰা হৈছিল।

দুয়োগৰাকীয়ে গোধৰা কাণ্ডত নিহত হোৱা এহছান জাফৰীৰ মৃত্যু সন্দৰ্ভত প্ৰকাশ পোৱা তদন্ত প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল।