NORTHEAST NOW (Assamese)
অসম

চহিদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ পৰিয়াললৈ অসম চৰকাৰৰ ২০ লাখ টকাৰ আৰ্থিক অনুদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2019 6:43 pm
Sanowal pay tribute to martyr Padam Bahadur Srestha

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে বিগত ২০ অক্টোবৰত উত্তৰ কাশ্মীৰৰ ভাৰত-পাক সীমান্তত পাকিস্তানী সেনাৰ গুলীচালনাত নিহত হোৱা ভাৰতীয় সেনাৰ ৩/৯ গোৰ্খা ৰাইফলছৰ হাবিলদাৰ চহিদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ গৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি চহিদ গৰাকীৰ পৰিয়ালৰ হাতত ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্যৰ চেক অৰ্পন কৰে।

বীৰ চহিদ গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰী সোণোৱালে চহিদৰ ত্যাগ কেতিয়াও অথলে নাযায় বুলি মন্তব্য কৰে।

চহিদৰ ত্যাগে নতুন প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত ইতিবাচক বৰঙণি যোগোৱাৰ বাবে অনুপ্ৰেৰণা প্ৰদান কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দি বীৰ চহিদ পদম বাহাদুৰ শ্ৰেষ্ঠই দেশপ্ৰেম আৰু ত্যাগৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰিলে বুলি সোণোৱালে উল্লেখ কৰি ৰাজ্যবাসীয়ে সদায় এই ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি কয়।

মুখ্য মন্ত্ৰীৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰা, বিধায়কদ্বয় ক্ৰমে ৰোজলিনা তিৰ্কি আৰু ডা০ নোমল মমিনো উপস্থিত থাকে।