NORTHEAST NOW (Assamese)

চিৰাং জিলাত প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগীৰ মৃত্যু

August 4, 2020 1:20 pm · ৰিনয় বসুমতাৰী

চিৰাং জিলাত ক’ভিড-১৯ৰ ফলত আজি এজন ৰোগীৰ মৃত্যু হয়। মহামাৰী ক’ৰ’নাৰ বাবে মৃত্যু হোৱা জিলাখনত এইটো প্ৰথম ঘটনা।

বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালত মৃত্যু হোৱা লোকজন ৫১ বছৰীয়া প্ৰমোদ নাৰ্জাৰী বুলি জানিব পৰা গৈছে।

স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি ৰুনিখাতা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং তুক্ৰাঝাৰৰ নিবাসী প্ৰমোদ নাৰ্জাৰীক প্ৰথম অৱস্থাত কলাইগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু কলাইগাঁৱৰ চিকিৎসালয়ত চিকিৎসা চলি থকা অৱস্থাত নাৰ্জাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটনাত তেওঁক সোমবাৰে বৰপেটাত ভৰ্তি কৰোৱা হয়।

উন্নত চিকিৎসাৰ বাবে বৰপেটাত ভৰ্তি কৰোৱা হৈছিল যদিও সেই দিনাই সন্ধিয়া ৫.৩০ বজাত নাৰ্জাৰীৰ মৃত্যু ঘটে। তেওঁ মধুমেধ ৰোগত আক্ৰান্ত আছিল।

উল্লেখ্য যে সোমবাৰৰ সন্ধিয়ালৈকে চিৰাং জিলাত ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ২৮০ গৰাকী। বৰ্তমান জিলাখনত ৮৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৯১ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

Related News