NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৰ্ধিত সম্পত্তিৰ আঁৰৰ ৰহস্য কি? ‘সম্পত্তিৰ আৰ্হি’ক লৈ শাসকীয় দলক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

March 30, 2026 8:59 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:47 am

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অস্বাভাৱিক সম্পত্তি বৃদ্ধিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে মূল বিৰোধী দল কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই ক্ৰমৱৰ্ধমান সম্পত্তিক কংগ্ৰেছে এক বিশেষ সম্পত্তিৰ আৰ্হিবা এছেট মডেল‘ (Asset Model) বুলি আখ্যা দিয়াক লগতে ইয়াৰ আঁৰত বিত্তীয় অনিয়মৰ আশংকা ব্যক্ত কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

কংগ্ৰেছ নেতৃত্বই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি, যোৱা কেইবছৰমানৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যসকলৰ নামত থকা সম্পত্তিৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। বিৰোধী দলটোৱে দাবী কৰিছে যে ৰাজ্যৰ সাধাৰণ জনতাৰ জীৱন ধাৰণৰ মানদণ্ডৰ কোনো চকুত লগা পৰিৱৰ্তন নোহোৱাৰ বিপৰীতে কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ এই দ্ৰুত উত্থান ৰহস্যজনক। বিৰোধী দলটোৱে প্ৰশ্ন কৰিছে যে মাত্ৰ কেইটামান বছৰৰ ভিতৰতে কোনো বৈধ আৰু যুক্তিসংগত উৎসৰ অবিহনে ইমান বৃহৎ পৰিমাণৰ সম্পত্তি কেনেদৰে আহৰণ কৰিলে।

আগন্তুক নিৰ্বাচনৰ সময়ত এই বিষয়টোক এক প্ৰধান ৰাজনৈতিক ইছ্যু হিচাপে থিয় কৰোৱাৰ প্ৰয়াস কৰি কংগ্ৰেছে সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। দলটোৰ মতে, ৰাজ্যৰ উন্নয়নৰ নামত শাসকীয় দলে কেৱল নিজৰ পুঁজিকেন্দ্ৰিক স্বাৰ্থ সিদ্ধি কৰাত ব্যস্ত আছে আৰু ইয়াৰ ফলত ৰাজ্যৰ বিত্তীয় ব্যৱস্থালৈ ভাবুকি নামি আহিছে। নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কংগ্ৰেছৰ এই গুৰুতৰ অভিযোগে ৰাজ্যৰ নিৰ্বাচনী বতাহ অধিক উত্তপ্ত কৰি তুলিছে।বৰ্তমানলৈকে মুখ্যমন্ত্ৰী বা শাসকীয় দলৰ শীৰ্ষ নেতৃত্বৰ তৰফৰ পৰা এই অভিযোগৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে, শাসকীয় দলৰ একাংশ নেতাই এই অভিযোগক কেৱল নিৰ্বাচনী চমক আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি আখ্যা দিছে। পৰৱৰ্তী সময়ত এই অভিযোগ আৰু প্ৰতি-অভিযোগৰ ৰাজনৈতিক খেলখনে ৰাজ্যৰ নিৰ্বাচনী সমীকৰণত কিদৰে প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।

Related News